newsnextone.com | তিনিচুকীয়াঃ চৌদিশে বিভিন্ন শিক্ষানুষ্ঠানে গিজগিজাই থকা স্বত্তেও যেন অন্ধবিশ্বাসৰ কলীয়া ডাৱৰৰ পৰা মুক্ত হ'ব পৰা নাই উজনি অসমৰ অন্যতম ব্যস্ততম চহৰ ডিব্ৰুগড় ৷ 

মাত্ৰ দুমাহ পুৰ্বে কাৰ্বিআংলং জিলাৰ ডকমকা কাণ্ডই সমগ্ৰ ভাৰতৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্ততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ আনকি উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া হোৱাৰ উপৰিও নীলোৎপল আৰু অভিজিতৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে প্ৰতিবাদৰ ঢৌ উঠিছিল খোদ ডিব্ৰুগড় চহৰতো ৷ 

শেহতীয়াকৈ চহৰখনৰ কেন্দ্ৰস্বৰূপ মিলন নগৰত তদ্ৰুপ ঘটনা সংঘটিত হোৱাৰ বাতৰিয়ে সকলোকে হতচকিত কৰি তুলিছে ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ ডিৰাক বৰমেছাই গাঁৱৰ মৃদুল মৰাণ নামৰ এগৰাকী ব্যক্তি গৰাকীৰ জীয়ৰী ডেইজী মৰাণ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাত ১ আগষ্ট তাৰিখে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হস্পিটেলত উন্নত চিকিৎসাৰ ভৰ্তি কৰোৱা হৈছিল৷

চিকিৎসকে ডেইজী মৰাণ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰাৰ লগতে এই ৰোগৰ নিৰাময়ৰ উপায় নাই বুলি কোৱাত পিতৃ মৃদুল মৰাণ মানসিকভাৱে ভাগি পৰে আৰু চিকিৎসালয়ৰ পৰা দৌৰি দৌৰি ওলাই যায় বুলি প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিছে ৷ 

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে বহু ঠাইত চলাথ কৰা পাছতো উক্ত লোকজনৰ কোনো শুংসূত্ৰ নোপোৱাত ব্যক্তিজনৰ ডাঙৰ জীয়েকে পিতৃক সন্ধানহীন হোৱাৰ খবৰ চচিয়েল মিডিয়াযোগে প্ৰচাৰ কৰিছিল ৷ সেই খবৰৰ আঁতধৰিয়ে এজন ব্যক্তিয়ে ডিব্ৰুগড়ৰ মিলন নগৰ আৰক্ষী চকীত এজন লোকক মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ বাতৰি পাই সন্দেহবশত আৰক্ষী চকীত গৈ নিজ পিতৃক বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ 

মিলন নগৰ আৰক্ষী চকীয়ে কোনো স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈয়ে এখন উকা কাগজত পৰিয়ালৰ লোকৰ স্বাক্ষৰ লৈ আহত লোকজনক পৰিয়ালক চমজাই দিয়ে। 

খোদ ডিব্ৰুগড়ৰ চহৰতে দিন দুপৰতে সোপাধৰাৰ সন্দেহত এজন লোকক মাৰপিট কৰা ঘটনাই সমগ্ৰ তিনিচুকীয়া জিলাত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ ভূমিকাক লৈয়ো প্ৰশ্ন উঠিছে ৷ 

গাঁঠিৰ ধন ভাঙি মৃদুল মৰাণক চিকিৎসা কৰোৱাৰ  লগতে ডেইজী মৰাণকো নিজ বাসগৃহলৈ উভটাই আনি  মৃত্যুমূখী জীয়েকৰ মূখলৈ চাই পৰিয়ালৰ চকুৰ পানীৰে বাট নেদেখা অৱস্থা হৈছে ৷