newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত অসম প্ৰদেশ যুৱ কংগ্ৰেছে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টি যুৱ কংগ্ৰেছ সমিতিৰ উদ্যোগত বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে। 

সংস্থাপন, ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, ডি-ভোটাৰৰ নামৰ সংখ্যালঘূক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি পুৱা ১১বজাত বিলাসীপাৰা চহৰৰ পৰা বাইক ৰেলি উলিয়াই কেইবাশতাধিক যুৱ কংগ্ৰেছীয়ে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদ বেনাৰ প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে যুৱ কংগ্ৰেছ কৰ্মীসকলে আকাশ বতাহ কঁপাই তোলে। বিলাসীপাৰা গান্ধী চকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তিও দাহ কৰে।

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান (আলকাছ)ৰ নেতৃত্বত আৰু বিলাসীপাৰা পুৱ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি জাহিৰুল ইছলামৰ নেতৃত্বত বিলাসীপাৰা মহকুমা নিৰ্বাচনী বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীক পৃথকে পৃথকে কেইবাটাও দাবী সম্বলিত স্মাৰক পত্র প্ৰেৰণ কৰে।