ফাইল ফটো
ফাইল ফটো

নলবাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰতো জুবিনৰ ফুটবল দলে দেখুৱালে ভৰিৰ যাদু৷ জুবিনৰ দলৰ আন আন খেলুৱৈৰ লগতে জুবিন গাৰ্গেও তামুলপুৰত ভৰিৰ যাদু দেখুৱাই৷

জুবিন গাৰ্গ একাদশ বনাম তামুলপুৰৰ জুবিন ফেন ক্লাৱৰ মাজত বুধবাৰে অনুষ্ঠিত হোৱা খেল খন ২-২ গ’লত সমাপ্ত হয়৷ খেলৰ অন্তত তামুলপুৰৰ ৰাইজে জুবিন গাৰ্গক সম্বৰ্ধনা জনায়। জুবিনক আদৰিবলৈ পুৱাৰে পৰা তামুলপুৰৰ ৰাইজ ব্যাকুল হৈ আছিল৷

তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জুবিন গাৰ্গৰ ভৰিৰ যাদু চাবলৈ দৰ্শকৰ লানি নিছিগা সোঁত বৈছিল। জুবিনে তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়াৰ কথা ৰাইজৰ মাজত উল্লেখ কৰি আবেগিক হৈ পৰে। লগতে মিছন চাইনাৰ সফলতাৰ বাবেও তামুলপুৰৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে জুবিনে।