অভয়াপুৰীঃ বিহু বিহু কাৰনো দেহ-মন ৰাই জাই নকৰে৷ প্ৰতিজন অসমীয়াৰ মন বিহু বুলিলেই এক সুকীয়া অনুভৱে গা কৰি উঠে। সেয়া ডেকাই হওক নতুবা বুঢ়াই হওক, স্বদেশতেই হওক বা বিদেশতেই হওক, বিহু পালন কৰিব নোৱাৰিলে হাঁহাকাৰ কৰি উঠে অসমীয়াৰ দেহ-মন। সেয়ে হাজাৰ ব্যস্ততাকো নেওচি সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও বাপতি সাহোন বিহু পালন কৰে অসমীয়াই৷

ৰাজ্যৰ জকাইচুক, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীৰ ব্যাপক উলাহ। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত। ডেকাসকলে হাতত ঢোল লৈ মতলীয়া হৈ পৰাৰ সময়তে সমাজৰ জ্যেষ্ঠ নাগৰিকসকলেও পিছ পৰি নাথাকিল৷ 

জ্যেষ্ঠ নাগৰিকে গীত-নৃত্যৰে মুখৰিত হৈ কৰিলে বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চল৷ জ্যষ্ঠ নাগৰিক সন্থাৰ কাৰ্যালয় চৌহদত অভয়াপুৰী জ্যেষ্ঠ নাগৰিকে ৰঙালী বিহু উদযাপন কৰে৷ কাৰ্যালয়ৰ বাকৰিত অতি উলহ-মালহেৰে উদযাপন কৰে বাপতি সাহোন ৰঙালী বিহুত কেইবাশতাধিক লোক উপস্থিত থাকে৷ 

অঞ্চলটোৰ বহু সংখ্যক জ্যষ্ঠ নাগৰিকৰ উপস্থিতিত সন্থাৰ সভাপতি হিমাংশু কুমাৰ বৰুৱাই পুৱা ১০ বজাত পতাকা উত্তোলনেৰে ৰঙালী বিহুৰ কাৰ্যসূচীৰ পাতনি মেলে। ইয়াৰ পিছতেই ১০.৩০ বজাত হিমাংশু কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে জ্যষ্ঠ নাগৰিক তথা বজালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক দীনেন্দ্ৰ নাৰায়ণ গোস্বামী। 

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অভয়াপুৰী সাহিত্য চৰাৰ ভৰত চন্দ্ৰ ডেকাই বিহুৰ উৎপত্তি আৰু মঞ্চ বিহুৰ আৰম্ভণিৰ ওপৰত আলোকপাত কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মই বিহুৰ প্ৰসাৰতা বৃদ্ধি কৰিব এই ক্ষেত্ৰত তেওঁ আশাবাদী বুলিও ভাষণ প্ৰসংগত মন্তব্য দাঙি ধৰে। 

মুকলি সভাৰ পিছত অনুষ্ঠিত গীত-মাতৰ অনুষ্ঠানত জেষ্ঠ নাগৰিক সন্থাৰ জেষ্ঠ সদস্যদ্বয় প্ৰসন্ন দাস আৰু নিৰ্মল ৰায়ে গীত পৰিবেশন কৰাৰ লগতে পাছদুৱাৰ বিহু দলে  প্ৰদৰ্শন কৰা বিহু নৃত্যই সন্থাৰ কাৰ্যালয়ৰ চৌহদ মুখৰিত কৰি তোলে।উল্লেখ্য যে,অভয়াপুৰী জ্যেষ্ঠ নাগৰিক সন্থাই উদযাপন কৰা ৰঙালী বিহুৰ সমূহ কাৰ্যসূচীত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক গোপীনাথ দাস, দেৱান আক্কেল আলী, হৰিশ নাথকে ধৰি সন্থাৰ প্ৰায় দুইশতাধিক সদস্য-সদস্যাই অংশগ্ৰহণ কৰে।