গোৰেশ্বৰঃ ‘‘যোৱা কিছুদিনৰ পৰা বাক্সা জিলাৰ বিভিন্ন অঞ্চলত অবড়ো সুৰক্ষা সমিতিৰ কোনো বিষয়-ববীয়াই নজনাকৈ একাংশ লোকৰ উচটনিত এখন  সমিতি থকাৰ পিছতো নতুন সমিতি গঠন কৰি অবড়োৰ সংগ্ৰাম খনত আউল লগোৱাৰ চেষ্টা চলাই থকা হৈছে।’’ এই অভিযোগ অবড়ো সুৰক্ষা সমিতি, অসমৰ সম্পাদক যোগেশ্বৰ কলিতাৰ।

বৃহস্পতিবাৰে অবড়ো সুৰক্ষা সমিতি, অসমৰ সম্পাদক যোগেশ্বৰ কলিতাই এক বিবৃতিযোগে অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থনত জয়ী হোৱা সাংসদ নৱ শৰণীয়াই এতিয়া অবড়ো সুৰক্ষা সমিতিক নাকত ধৰি চাকত ঘূৰাব বিচাৰিছে বুলি অভিোগ উত্থাপন কৰে। ইপিনে যিসকলক লৈ অবড়ো সুৰক্ষা সমিতিৰ নামত নতুন সমিতি গঠন কৰি থকা হৈছে তেওঁলোকৰ অধিকাংশই বিপিএফৰ কৰ্মী। 

অবড়ো সুৰক্ষাৰ সংগ্ৰামখনত একেবাৰে জড়িত নথকা এইসকলে ৰাজনৈতিক দিশতহে অধিক গুৰুত্ব দিছে। অবড়ো সুৰক্ষাৰ সংগ্ৰামখন কোনো বিধায়ক, এমচিএলএ নতুবা সাংসদক নিজৰ হাতৰ মুঠিত নাৰাখিবলৈ আহ্বান জনাইছে অবড়ো সুৰক্ষা সমিতি, অসমে। 

বিবৃতিটোত কোৱা হৈছে যে অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থনত সাংসদ নৱ শৰণীয়াৰ লগতে সাতজন প্ৰাৰ্থীক জয়ী হ'বলৈ সমৰ্থন আগবঢ়োৱা হৈছিল। এইসকলে যদিহে অবড়ো সুৰক্ষা সমিতিৰ অজ্ঞাতে কোনো বিশেষ ৰাজনৈতিক দলৰ সৈতে মিতিৰালি কৰে তেন্তে অহা নিৰ্বাচনত সমৰ্থন দিয়া নিদিয়াক লৈ চিন্তা কৰিব অবড়ো সুৰক্ষা সমিতিয়ে। 

উল্লেখ্য যে, এবিএমছুৰ নেতা লাফিকুল ইছলামক হত্যা কৰাৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই তেওঁৰ ঘৰত উবুৰি খাই পৰিছিল, কিন্তু সাংসদ-বিধায়কসকলে হত্যাকাৰীক ধৰিবলৈ দিল্লী-দিছপুৰত এষাৰো মাত নমতাটো এক ৰহস্য হৈ পৰিছে৷