তেজপুৰঃ তেজপুৰৰ ভোজখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ মালবাহী চলন্ত ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক৷ দুজনৰ ঘটনাস্থলীতে মৃত্যু৷ আন এজনক সংকটজনক অৱস্হাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ৷ তিনিওজন লোক এখন বাইকত আহিছিল৷

বিপৰীত দিশৰ পৰা যোৱা ট্ৰাকৰ তলত সোমাই পৰাত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো৷ ৰাজপথত ছিন্ন-ভিন্ন হৈ পৰে বাইক আৰোহী দুই যুৱকৰ শৰীৰ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনা৷ অন্ধ্ৰৰ পৰা মাছ কঢ়িয়াই আনিছিল ট্ৰাকখনে৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AP 05TD 6339 আৰু বাইকখনৰ নম্বৰ হৈছে AS 12L 8489 মৃত লোক দুজন হৈছে সুকদেৱ চীল আৰু ধনৰাজ ৰাই বুলি চিনাক্ত কৰিছে  আৰু আহতজনৰ নাম ৰচিম উদ্দিন৷