newsnextone.com।নগাঁওঃ অসমীয়া বোলছবি জগতৰ বাবে এক দুখঃজনক সংবাদ। বিশিষ্ট অভিনেতা গুণ মহন্ত আৰু নাই৷ নগাঁৱৰ ফৌজদাৰীপট্টিৰ নিজা বাসভৱনত দেহাৱসান ৭০ বছৰীয়া চিৰসেউজ অভিনেতাগৰাকীৰ৷ হৃদৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ অভিনেতাজন৷

চিকিৎসালয়লৈ নিবলৈ যো-জা কৰাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতা মহন্তই৷ অৰ্ধ শতাধিক চিনেমা,চিৰিয়েল,ভিচিডিত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মাজত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল গুণ মহন্তই৷ তেওঁৰ মৃত্যুত অসমীয়া চলচিত্ৰ জগতৰ লগতে সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰিছে।