newsnextone.com | নগাঁওঃ নগাওঁ জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মঙলবাৰে জিলাখনৰ দীঘলীঅাটীত অখণ্ড ভাৰত দিৱস উদযাপন কৰা হয়। সেই উপলক্ষ্যে পুৱা ৯ বজাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা সকলে দীঘলীঅাটী বৰ নামঘৰত সেৱা জনাই গুৰুজনাৰ অাশীষ লৈ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলন কৰে নগাঁও জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি অমৰজ্যোতি কলিতাই। 

অনুষ্ঠানত ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন অাৰু বন্তি প্ৰজ্বলন সম্পন্ন হোৱাৰ অন্তত অতীতক সুৱৰি স্বহীদ তৰ্পন অাৰু প্ৰাকৃতিক ভাৰাসাম্য বৰ্তাই ৰখাৰ উদ্দেশ্যৰে বৃক্ষৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। 

নগাঁও জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদ অাৰু দীঘলীঅাটী যুৱ ছাত্ৰ পৰিষদ সমিতিৰ উদ্যোগত দীঘলীঅাটী বৰনামঘৰৰ প্ৰাংগনত অনুষ্ঠিত হোৱা অখণ্ড ভাৰত দিৱসৰ মুুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ উপ-সভাপতি বিপুল বৰদলৈয়ে৷ 

সভাত নিদিষ্ট বক্তা হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নগাঁও জিলা প্ৰচাৰক দেৱজিত বৰা, বিশিষ্ট অতিথি হিচাপে হিন্দু যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিহিৰ মেধি, কেন্দ্ৰীয় সমিতিৰ সম্পাদক সত্যজিৎ দেউৰী, সৰ্বভাৰতীয় মানৱাধিকাৰ নাগৰিক বিকল্প ৰাজ্যিক উপ সভানেত্ৰী ৰীতামনি ভূঞা, কলিয়াবৰ জিলা সমিতিৰ উপ-সভাপতি অতুল পাটৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভাগ কাৰ্যকৰণীয় সদস্য প্ৰফুল্ল গোস্বামীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰি ভাষণ প্ৰদান কৰে ৷গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত চাৰি শতাধিক ৰাইজ উপষ্ঠিত থাকে৷