গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ ঐতিহ্যমণ্ডিত বেঙেনাআটী সত্ৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বেঙেনাহআটী সত্ৰ সবাহ। বৃহস্পতিবাৰ বেলি ডুবাৰ পিছতে পৰম্পৰা ৰক্ষা কৰি শ-শ লোকে সত্ৰত মনোকামনা পূৰণৰ অৰ্থে আৰিয়া প্ৰজ্বলন কৰে। সৰিয়হৰে প্ৰজ্বলন কৰা শাৰী-শাৰী আৰিয়াই আধ্যাত্মিকতাৰ আভা বিলাইছে ভক্ত সমাজৰ মাজত। নামনি অসমৰ বহু চৰ্চিত বেঙেনাআটী সত্ৰ সবাহ আহোম ৰাজত্বকালতেই আৰম্ভ হৈছিল বুলি ইতিহাসে কয়৷ 

ধৰ্মীয় বিশ্বাস, প্ৰবাদ, পৰম্পাৰ অনুয়ায়ী বছৰৰ পিছত বছৰ ধৰি পালন কৰি অহা আৰিয়া প্ৰজ্বলনে সমাজলৈ শান্তি কঢ়িয়াই আনে বুলি বিশ্বাস ৰাইজে৷ সবাহ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্যতম আৰিয়া প্ৰজ্বলন৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় সহস্ৰাধিক ভক্তই ওৰে নিশা আৰিয়া প্ৰজ্বলন কৰি নিজৰ মনোকামনা পূৰনৰ অৰ্থে উজাগৰে কটায়৷ 

সত্ৰ সবাহ দ্বাৰ মুকলি কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। বেঙেনাহাটী সত্ৰ সবাহে গোৰেশ্বৰত আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰা বুলি কয়। সত্ৰ সবাহৰ শৌচাগাৰ  আৰু অনাময়ৰ নামত ৮ লাখ অনুদান ঘোষণা কৰে বিধায়ক ভৱেশ কলিতাই। প্ৰবাদ আছে যে মানৰ আক্ৰমনৰ সময়ত মাজুলীৰ বেঙেনাআটী সত্ৰৰ সত্ৰাধিকাৰ সহিতে কেবাজনো ভক্তই উত্তৰ গুৱাহাটীহৈ ভূটান অভিমুখে গৈ আছিল। তেতিয়া গোৰেশ্বৰত ওখ ধাপ এটাত কিছু সময়ৰ বাবে জিৰণী লৈছিল তেওঁলোকে। 

ঠাই টুকুৰা নিৰাপদ হ'ব বুলি ভাবি তেওঁলোকে ইয়াতে এটা বাসুদেৱৰ উপাসনাৰ স্থলী সাজি লয়। প্ৰবাদ আছে যে এই স্থানতে আছিল তিনিডালি অৰ্জুন গছ। কিছুদিন পিছত ৫ ব'হাগৰ দিনটোত এগৰাকী ভক্তৰ এটি ল'ৰা সন্তান উপজে এই স্থানতে। ল'ৰা সন্তান উপজাৰ আনন্দৰ বতৰা সমগ্ৰ অঞ্চলজুৰি বিয়পি পৰে। ল'ৰা সন্তান উপজা উপলক্ষে পূজা পাঠ আৰম্ভ হয় আৰু ইয়াত উৎসৱৰ আয়োজন চলে। পৰবৰ্তী সময়ত ইয়াতে বেঙেনাহাটী নামৰ গাঁও খনো গঢ়ি উঠে। 

তেতিয়াৰে পৰা আজিলৈ প্ৰতি বছৰে ৫ ব'হাগত আৰিয়া প্ৰজ্বলনৰে ৮ ব'হাগলৈ বেঙেনাহাটী সত্ৰত সবাহ চলি আছে। বিশ্বাস আছে যে ৫ ব'হাগত আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয়। শুকুৰবাৰে সবাহ উপলক্ষে হোমযজ্ঞকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। আনহাতে সত্ৰ সবাহৰ সৈতে সংগতি ৰাখি ইয়াতে ২১  এপ্ৰিলত মঞ্চ বিহু প্ৰতিযোগিতা আৰু ২২ এপ্ৰিলত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।