গুৱাহাটীঃ অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ মঙলবাৰে মৃত্যু তিথি। ১৮৬৯ চনৰ ০২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম গ্ৰহণ কৰা মোহনদাস কৰমচান্দ গান্ধীৰ ৭৮ বছৰত ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মৃত্যুবৰণ কৰে৷ ৰাষ্ট্ৰ সংঘই বাপুৰ জন্মদিনটো অহিংসা দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰাৰ পিছৰে পৰা বিশ্বৰ সকলো দেশে এই দিনটো অহিংসা দিৱস হিচাপে পালন কৰি আহিছে।
বাপুৰ মৃত্যু দিনটোতো বিশ্বই বাপুক স্মৰণ কৰে৷ মঙলবাৰে সমগ্ৰ দেশ তথা আমাৰ ৰাজ্য অসমৰ ৰাইজে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰে৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰে মৃত্যু তিথি৷ এক দীঘলীয়া আন্দোলনৰ পৰিসমাপ্তিৰে ইংৰাজৰ হাতৰ পৰা দেশ স্বাধীন কৰা জাতিৰ পিতা মহাত্মা গান্ধীক প্ৰতিবছৰে জন্ম মৃত্যু দুটা দিনত সমগ্ৰ বিশ্বই গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷