বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী-বিলাসীপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ অন্তৰ্গত খানজানা বৰাউল PA. ওৱাছিম আহমেদ, কৃষ্ণা বৰা RT,  গৌৰী শংকৰ বৰদলৈ APARTৰ উদ্যোগত কৃষক ফাৰ্মাৰ গ্ৰুপ বিলাকক বুধবাৰে পুৱা ১০ মান বজাৰপৰা ১ মান বজালৈকে বিলাসীপাৰাস্থিত হাকামা কাৰ্য্যালয়ত বৈজ্ঞানিক পদ্ধতিৰে প্ৰশিক্ষণ দিয়ে৷

লগতে সেই ঠাইত কৃষক পথাৰ দিৱস হিচাপে পালন কৰে। কোন সময়ত ধানৰ কঁঠীয়া পেলাব লাগে আৰু কোন সময়ত কেনেকৈ ধানৰ কঁঠীয়া ৰুব লাগে ইয়াৰ উপৰিও কেনেকৈ মেচিনেৰে ধান কাটিব লাগে সেই বিষয়ত বৈজ্ঞানিক পদ্ধতিৰে অৱগত কৰি প্ৰশিক্ষণ দিয়ে লগতে কৃষকৰ পথাৰ দিৱস পালন কৰা বুলি জানিব পৰা গৈছে।

প্ৰশিক্ষণ আৰু পথাৰ দিৱসত সুৰীয়া কান্ত খন্তকাৰ Specialist post hervest, জ্যোতি বিকাশ নাথ, বিদ্যাধৰ ৰাৰ্ৱাট, মৃদুপন মুদৈ (IRRI ) International Rice Reseach Institiute আদিকে ধৰি এক শতাধিক ৰাইজ উপস্থিত থাকে।  

জহিৰুল ইচলাম, বিলাসীপাৰা