বিলাসীপাৰাঃ সমগ্ৰ দেশজুৰি আয়োজন কৰা স্বচ্চ আৰু নিৰ্মল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ভিতৰত অসমৰ ভিতৰত ১৭ খন বিদ্যালয় শ্ৰেষ্ঠতম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

ধুবুৰী জিলাৰ ২,২০০ খন বিদ্যালয় অংশগ্ৰহণকৰী বিদ্যালয়ৰ ভিতৰত দুখন বিদ্যালয় ক্রমে চাপৰ শালকোচা শিক্ষা খণ্ডৰ ১৪০০ নং লালকুৰা প্ৰাথমিক বিদ্যালয় আৰু বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ KGB প্ৰাথমিক বিদ্যালয় শ্ৰেষ্ঠতম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

এই উপলক্ষে আজি  ১৪০০ নং লালকুৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত নিউ হাতীপোতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়।

উক্ত সম্বৰ্ধনা সভাত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি সফিকুল ইছলাম, কাৰ্যকৰী সভাপতি জাহিদুল ইছলাম, নিউ হাতীপোতা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি ইজাদুল ইছলাম আৰু নিউ হাতীপোতা অঞ্চলৰ সচেতন যুৱ প্ৰজন্ম তথা সচেতন নাগৰিক ক্রমে মনোৱাৰ হুছাইন, কামাল উদ্দিন সেখ আৰু মাহমুদ হাচানে উপস্থিত থাকি শ্ৰেষ্ঠতম পুৰস্কাৰ লাভ কৰা বিদ্যালয় দুখনৰ শিক্ষক শিক্ষয়িত্রীসকল ক্রমে প্ৰধান শিক্ষক আব্দুল মালেকসহ শিক্ষক জুৰান আলী আহমেদ, দীপক মালো দাস, মহিকান্ত নাথ, দ্বীপজ্যোতি বৰ্মন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুহুৰ উদ্দিন সেখক ফুলাম গামোচা আদিৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে মিঠাই খুওৱা হয়। উক্ত সভাত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে উপস্থিত থাকে।