কোকৰাঝাৰঃ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাৰ জিঙাঙচুক চৈলিং বৌদ্ধ মঠত বুদ্ধপূৰ্ণিমা তথা ভগৱান বুদ্ধদেৱৰ ২৫৬১ তম জন্ম-জয়ন্তী উপলক্ষে যোৱা ৮ মে'ৰ পৰা আৰম্ভ হোৱা অবিৰত প্ৰাৰ্থনা আৰু পূজা-অৰ্চনাৰ আজি বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰে।

অখিল ভাৰতীয় মহায়ন বৌদ্ধ মানিপ্পা সংঘৰ সৰলপাৰা শাখাৰ উদ্যোগত আৰু জিঙাঙচুক বৌদ্ধ মঠ পৰিচালনা, সৰলপাৰাৰ সহযোগত বুদ্ধ জয়ন্তী উপলক্ষে মঠ প্ৰাংগণত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত দাৰ্জিলিঙৰ লামা ধৰ্মগুৰু অজয় সান্গে মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

নিজৰ ভাষণত লামা ধৰ্মগুৰুগৰাকীয়ে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলক মানৱ জীৱনৰ কল্যাণৰ হকে দয়া -প্ৰেম-ভাতৃত্ববোধেৰে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখ্য যে আজিৰ উক্ত অনুষ্ঠানতে সন্তোষ পাখৰিনৰ সম্পাদনাত কৰুণা নামৰ এখন স্মৰণিকাও উন্মোচন কৰা হয়।

উক্ত অনুষ্ঠানৰ পূৰ্বে এক সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয়। আজিৰ অনুষ্ঠানত আগছুৰ বিটিএডি ক্ষেত্ৰীয় কমিটিৰ সভাপতি জোহান চৌহান, আছুৰ কেন্দ্ৰীয় কমিটিৰ সহ: সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়, কোকৰাঝাৰ জিলা নাথ যোগী সাহিত্য পৰিষদৰ সম্পাদক বেণুধৰ নাথ, আঠগৰাকীকৈ লামা ধৰ্মগুৰুকে ধৰি বহু বিশিষ্ট ব্যাক্তি উপস্থিত থকাৰ লগতে ধৰ্ম সভাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।