ডিফুঃ কাৰ্বি পাহাৰৰ ডিফুত শুকুৰবাৰে মহিলা-যুৱতীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যুৰ তদন্ত তথা দোষীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি কেইবাটাও সংগঠনৰ নেতৃত্বত যুৱতী-মহিলাই প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

যোৱা ২৩ এপ্ৰিলত ডিফুত এগৰাকী কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি যোৱা কেইবাটাও দিন ধৰি কাৰ্বি পাহাৰ উত্তাল হৈ আছে৷ তাৰ মাজতে শুকুৰবাৰে আছু, কেএছএ, কেএনচিএ, কেএডব্লিউজেএ, এছৱাইচি, এছৱাইজে, ডিজিচিএছইউএছ, এইছএছডিচি, এইছপিৱাইএ, আইছা, আইপোৱা, এজেৱাইচিপি, কুইয়া কেএনএ আৰু কেআৰএইৰ প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে ডিফু চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই৷

জেনিছা হত্যা-ধৰ্ষণকাৰীক ফাঁচী দিয়ক, উই ৱাণ্ট জাষ্টিচ, মহিলাৰ নিৰাপত্তা নিশ্চিত কৰক আদি শ্ল’গানেৰে ডিফুৰ আকাশ বতাহ কঁপাই তোলে৷ উল্লেখ্য যে, ২৩ এপ্ৰিলৰ নিশা বকলিয়াঘাট আৰক্ষী থানা এলেকাৰ লাংবুংঘাট নিবাসী জেনিছা ইংতিপি নামৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হয়৷ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ স্নাতক প্ৰথম বৰ্ষত পঢ়ি আছিল ছাত্ৰীগৰাকী৷ 

সন্ধিয়া ডিফু চহৰৰ বিকেনাৰ হোটেলৰ পিছফালে প্ৰেমিক দিপেন ছেত্ৰীৰ ভাড়াঘৰত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত জেনিছাক ডিফু অসামৰিক চিকিৎসালয়লৈ লয় যায় চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ এই বাতৰি বিয়পি পৰাৰ লগে লগে ডিফু চহৰ উত্তাল হৈ পৰে৷ প্ৰতিবাদকাৰীসকলে এই ঘটনাক ধৰ্ষণ কৰাৰ পিছত দিপেন ছেত্ৰীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে আটকাধীন দীপেন ছেত্ৰীক জনতাৰ হাতত চমজাই দিবলৈ ডিফু থানা ঘেৰাও কৰে৷

পিছত প্ৰতিবাদকাৰী অধিক ক্ষোভিত হৈ আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপ কৰাত আৰক্ষীৰ প্ৰত্যুত্তৰত প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰে আৰু লাঠিচালনা কৰে ফলত প্ৰতিবাদকাৰী আৰক্ষী আৰু চিআৰপি এফৰ কেইবাজনো লোক হতাহত হৈছিল৷