গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰাজ পথত একাংশ ঠিকাদাৰ আৰু ব্যৱসায়ীৰ অবৈধভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ অতপালি অব্যাহত আছে৷ ভাৰত-ভূটান সীমান্তৰ বগামাটিৰ পৰা শিল-বালি কঢ়িওৱা ডাম্পাৰে এতিয়া যেতিয়াই ইচ্ছা তেতিয়াই বিপদ সংঘটিত কৰিব পাৰে৷ গোৰেশ্বৰৰ পৰা দৰং-কামৰূপ, নলবাৰী জিলালৈ শিল-বালি কঢ়িয়াই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ডাম্পাৰ-ট্ৰাক সমূহে৷

গোৰেশ্বৰৰ ৰাইজে অতিষ্ঠ হৈ পৰিছে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ বাবে। শনিবাৰে পুৱাই নাওকাটা দিশৰ পৰা বাইহাটা চাৰিআলি অভিমুখে আহি থকা এএচ-২৫-চিচি-৬২৯৩ নম্বৰৰ ডাম্পাৰখনে গোৰেশ্বৰ ৰেল গেটৰ সমীপৰ দুখন ব্যৱসায় প্ৰতিষ্ঠানত খুন্দা মাৰে। অৰুণ ৰয়ৰ ৰয় ইলেক্ট্ৰ' ফাৰ্ণিচাৰ আৰু সঞ্জু জৈনৰ চি এম এণ্টাৰপ্ৰাইজ নামৰ গেলামাল দোকানত ডাম্পাৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত দুয়োখন দোকানৰ যথেষ্ঠ ক্ষতিসাধন হয়। 

অধিক হাৰত বোজা কঢ়িয়াই অনা ডাম্পাৰ খনৰ কোনো কাগজ পত্ৰ নথকাৰ লগতে চালকজনৰ বয়স কম বুলি জানিব পৰা গৈছে৷ ইপিনে বিগত দুমাহত প্ৰায় ৭ টাকৈ ডাম্পাৰে দুৰ্ঘটনা সংঘটিত হৈছে যদিও প্ৰশাসনে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ডাম্পাৰৰ দৌৰাত্ম বৃদ্ধি পাইছে বুলি ৰাইজে কয়।  

তীব্ৰ বেগী ডাম্পাৰ সমূহে দীৰ্ঘদিন ধৰি বেটাগাঁও, সুবাগপুৰ আদি অঞ্চলৰ পৰা অবৈধভাৱে শিল বালি আদি কঢ়িয়াই আছে যদিও বন বিভাগেও কোনো গুৰুত্ব আৰোপ কৰা নাই। অধিক বোজাই কৰি অনা ডাম্পাৰৰ পৰা গোৰেশ্বৰ ৰেল গেটত পৰহা দিয়া আৰক্ষীক টকা দি প্ৰতিদিনে গোৰেশ্বৰ টাউন অতিক্ৰম কৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। যোৱা অক্টোবৰ মাহত বেটাগাঁৱত ডাম্পাৰে খুন্দিওৱাৰ ফলত এজন লোকৰ মৃত্যু হৈছিল৷