নতুন দিল্লীঃ লাহে লাহে পৰিষ্কাৰ হৈছে পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ ছবি। বিয়লি ৪ বজালৈকে লাভ কৰা ফলাফলৰ ভিত্তিত কংগ্ৰেছ দলে ৰাজস্থান, চত্তীশগড় আৰু মধ্যপ্ৰদেশতো একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগ বাঢ়িছে। তেলেংগানা আৰু মিজোৰামত ক্ৰমে টি আৰ এছ আৰু এম এন এফে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে।

অহা বছৰ দেশত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনৰ আগে আগে পাঁচ ৰাজ্যত অনুষ্ঠিত এই নিৰ্বাচনক ছেমিফাইনেল হিচাপে বিবেচিত হৈছে। গো-মাতা, ৰাম মন্দিৰ, চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘুক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিৰ লগতে হিন্দু-মুছলমানৰ মাজত মেৰু বিভাজনেৰেও শাসকায় বি জে পিয়ে তিনি ৰাজ্যৰ শাসনৰ বাঘজৰী ধৰি ৰাখিব নোৱাৰিলে।

দিনটোৰ ভোটগননাৰ পাছত বিয়লি ৪ বজা পৰ্যন্ত ৰাজস্থানত কংগ্ৰেছে ১০৪ খন আসনত আগ বাঢ়ি থকাৰ বিপৰীতে শাসকীয় বি জে পিয়ে ৬৮ খন আসনত আগ বাঢ়ি আছে। ১৯৯ খন আসনযুক্ত ৰাজস্থান বিধানসভাত ১০০ খন আসনৰ মেজিক নম্বৰ কংগ্ৰেছে ইতিমধ্যে অতিক্ৰম কৰিছে।

চত্তীশগড়তো ৯০ খন আসনৰ ভিতৰত কংগ্ৰেছে ৬৭ খনত আৰু বি জে পিয়ে ১৩ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ৪৬ খন আসন কংগ্ৰেছে কেতিয়াবাই অতিক্ৰম কৰিলে।

ইফালে, মধ্যপ্ৰদেশত কংগ্ৰেছ আৰু বি জে পিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজতে শেহতায়াকৈ কংগ্ৰেছে বি জে পিতকৈ ১০ খন আসনত আগবাঢ়ি থাকিবলৈ সক্ষম হৈছে। চৰকাৰ গঠনৰ বাবে ৰাজ্যখনত ১১৬ খন আসনৰ প্ৰয়োজন আৰু কংগ্ৰেছে এতিয়ালৈকে ১১৫ খন আসনত আগবাঢ়ি থাকিবলৈ সক্ষম হৈছে। বি জে পিয়ে আগবাঢ়ি থকা আসনৰ সংখ্যা ১০৫ খন।

তেলেংগানা আৰু মিজোৰামত ক্ৰমে টি আৰ এছ আৰু এম এন এফে ৮৬ আৰি ২৬ খন আসনত আগবাঢ়ি থাকি চৰকাৰ গঠন নিশ্চিত কৰিছে।

দলৰ বিজয়ত কংগ্ৰেছ নেতা-কৰ্মীসকলক মিঠাই বিলাই আনন্দ কৰা দেখা গৈছে।