newsnextone.com | নগাঁওঃ মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ শ্ৰোতাক মুহিত কৰা গণশিল্পী সূৰ্য দাসৰ নামেৰে এটি ন্যাস দেওবাৰে নগাঁওস্থিত ড০ বি আৰ আম্বেদকাৰ ভৱনত গঠন কৰা হয়। 

ন্যাসৰ দ্বাৰ মুকলি কৰে গণশিল্পী সূৰ্য দাসে। নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত ড০ আম্বেদকাৰ ভৱনত অনুষ্ঠিত সূৰ্য দাস ন্যাস মুকলি আৰু কৃতি ছাত্র-ছাত্রীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি, আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয় যে সূৰ্য দাস ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান। 
আমি অসমীয়া জাতিয়ে যোগ্য জনক সন্মান দিব নাজানোঁ। আজি সূৰ্য দাসৰ যি ন্যাস গঠন হৈছে ই এক গৌৰৱৰ কথা। নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি ক্ষিতিশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম অনুসূচিত জাতি পৰিষদৰ সভাপতি, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীয়ে। 

সম্পাদক জয়ন্ত কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়োৱা বিশেষ অভিনন্দন অনুষ্ঠানত অসম অনুসূচিত জাতি পৰিষদৰ কাৰ্যকৰি সভাপতি বানেশ্বৰ দাস, সাধাৰণ সম্পাদক নিত্যানন্দ ফুকন, সহকাৰী সাধাৰণ সম্পাদক দিপাংকৰ হাজৰিকা, প্ৰাক্তন মন্ত্রী উমেশ চন্দ্ৰ দাস, প্ৰাক্তন বিধায়ক জগদীশ দাস, অজিত প্ৰতিম দাস, শিক্ষাবিদ মুক্তি দাস, টংকেশ্বৰ দাস আদি উপস্থিত থাকে। 

অনাতাঁৰ শিল্পী ৰাহুল দেৱ বৰদলৈয়ে গোৱা এটি বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত গণশিল্পী সূৰ্য দাস আৰু ২০১৮ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা প্ৰাপক যুগল লোচন দাসক বিশেষ সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছতেই নগাঁও জিলাৰ প্ৰায় ডেৰ শতাধিক কৃতি ছাত্র-ছাত্রীক গামোছা, অভিধান আৰু অভিনন্দন পত্রৰে সন্মান জনোৱা হয়।