বাইহাটা চাৰিআলিঃ প্ৰতিদিনে ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰত এগৰাকী বোৱাৰীক স্বামীৰ পৰিয়ালে হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ শুকুৰবাৰে নিশা মৃত্যুক আকোঁৱালি লোৱা নৱবিবাহিত বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 

মা-হালধিৰ গোন্ধ নৌযাওতেই সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত নসত্ৰৰ চলদাৰ ৰজত ডেকাৰ পুত্ৰ পিংকু ডেকাৰ সৈতে একেখন থানাৰ অন্তৰ্গত বৰহাটাৰ কবিচৰণ বৈশ্যৰ কন্যা নিশাৰানী বৈশ্যই প্ৰায় এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল৷ বিবাহৰ ৮ মাহ অতিক্ৰম কৰাৰ পিছৰে পৰা স্বামী পৰিয়ালৰ ন-বোৱাৰীগৰকীক শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷

স্বামী পিংকু ডেকাসহ তেওঁৰ পৰিয়ালে প্ৰায় চাৰিমাহ পূৰ্বৰ পৰা যৌতুকৰ দাবীত ন-বোৱাৰী নিশাৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰা অভিযোগ উত্থাপন কৰে পিতৃৰ পৰিয়ালে। ধাৰাবাহিক ভাৱে শাৰীৰিক মানসিক অত্যাচাৰৰ মাজতে শুকুৰবাৰে নিশা স্বামী গৃহত ন-বোৱাৰীজনী অগ্নিদ্বগ্ধ অৱস্থাত উদ্ধাৰ হয়। মৃত্যু যন্ত্ৰণাৰ চটফটাই সংকট জনক অৱস্থাত বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয়।

উন্নত চিকিৎসাৰ বাবে নিশাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও নৱবিবাহিত নিশাৰ জীৱনৰ কৰুণ সমাপ্তি ঘটে। এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত নিশাৰ মাতৃ পখিলা বৈশ্যই পৰিকল্পিত ভাৱে দেহত কেৰাচিন ঢালি অগ্নি সংযোগ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩০৪(বি) ধাৰাত ২৪২/১৭ নম্বৰত এটি গোচৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে পিংকু ডেকাৰ পৰিয়ালে হত্যাৰ অভিযোগ অস্বীকাৰ কৰে৷