জাজৰিঃ ৰাজ্য চৰকাৰে দুদিনীয়াকৈ বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি দেশী-বিদেশী আলহীক আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰিছে৷ নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক কাৰ্যসূচী অনুষ্ঠিত কৰি ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰিছে যদিও ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ উন্নয়ন তথা থলুৱা যুৱকক স্বাৱলম্বী কৰিবলৈ কিঞ্চিত চেষ্টা কৰা দেখা নাযায়৷

দেশৰ আন আন ঠাইৰ উদ্যোগপতিক অসমলৈ মাতি আনি মাটি দি, কোটি কোটি টকাৰ ৰাজহ দি আহিছে যদিও ৰাজ্য খনৰ থলুৱা যুৱকসকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বাবে থলুৱা যুৱকে এক লাখ টকাৰ ঋণ বিচাৰি হাহাকাৰ কৰিব লগা হয়৷ বেংকৰ পদুলিয়ে পদুলিয়ে ঘুৰি অৱশেষত আনৰ দোকানত থাকিব লগা হয় নতুবা আনৰ গাড়ীৰ চালক হ’ব লগা হয়৷ তাৰ মাজতে চৰকাৰী সাহায্য অবিহনে একাংশ লোকে নিজৰ হাতৰ ধনেৰে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ 

বিভিন্ন অনুষ্ঠানৰ নামত কোটি কোটি টকা শৰাধ কৰাৰ বিপৰীতে ৰাজ্যখনৰ নিৱনুৱাসকলৰ বাবে এটা ফুটাকঢ়ি নিদিয়া চৰকাৰ খনে প্ৰতিশ্ৰুতিতে সীমাবদ্ধ আছে৷ চৰকাৰে শিক্ষিত নিৱনুৱাসকলক দিয়া নাই কোনো সংস্থাপন আনকি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বাবে পৰিৱেশ৷ কোনো কল্যাণকামী আঁচনি নোলোৱাকৈ ফটা ঢোল কোৱাই থকা চৰকাৰৰ কাৰ্যালয়ৰ দুৱাৰে দুুৱাৰে চাকৰি, ঋণ বিচাৰি হাবাথুৰি খাই ফুৰাতকৈ নিজকে স্বাৱলম্বী কৰি হ’বলৈ ৰাজ্যখনৰ একাংশ নিবনুৱা যুৱক-যুৱতীয়ে লৈছে ন’ ন’ পদক্ষেপ৷

তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে নগাঁও জিলাৰ উদ্যমী যুৱক দীপক কুমাৰ নাথে৷ থলুৱা খাদ্য-সামগ্ৰী বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰি বিক্ৰীৰ জৰিয়তে অৰ্থনৈতিক দিশত নিজকে স্বচ্ছল কৰি তোলা দীপক কুমাৰ নাথে স-প্ৰচেষ্টাত গঢ়ি তুলিছে ‘অসমী ফুড প্ৰডাক্ট’ নামৰ এটি ক্ষুদ্ৰ উদ্যোগ৷ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত ধেমাজি গাঁৱৰ যুৱক দীপক কুমাৰ নাথৰ নেতৃত্বত অসমী ফুড প্ৰডাক্ট নামৰ আত্ম সহায়ক গোটটিয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে অসমীয়া সমাজৰ জৈৱিক খাদ্য সম্ভাৰ বিশেষকৈ কলাখাৰ, কৰাইগুৰি, বেহুৱা, টিলপিঠা, মাহগুৰি, তিললাৰু, মিঠৈলাৰু আদি প্ৰস্তুত কৰি বিশেষ সমাদৰ পাবলৈ সক্ষম হৈছে।

ইতিমধ্যে দীপক নাথৰ নেতৃত্বত গোটটোৱে ৰাজ্যিক পৰ্যায়ৰ কেইবাখনো বাণিজ্যিক মেলাত প্ৰদৰ্শনীমূলকভাৱে নিমন্ত্রণ লাভ কৰিছে আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ এখন বাণিজ্য মেলালৈ নিমন্ত্রণ লাভ কৰা বুলি জনাইছে। উল্লেখ্য যে গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্রত অৰিহণা যোগোৱা স্বাৱলম্বীতাৰ নিদৰ্শন স্বৰূপ এনে ধৰণৰ উদ্যমী প্ৰচেষ্টাক চৰকাৰে বিশেষ আঁচনিৰ জৰিয়তে কিছু সহায় আগবঢ়ালে নিশ্চয়কৈ বহু শিক্ষিত উদ্যমী যুৱক-যুৱতী উপকৃত হোৱাৰ থল আছে। গতিকে এই ক্ষেত্রত চৰকাৰৰ কৃষি বিভাগক দৃষ্টি ৰাখি সহায়-সহযোগিতা আগবঢ়াবলৈ সচেতন মহলে আহ্বান জনাইছে।