কামপুৰঃ শিক্ষাৰ গুনগত মান উন্নত কৰাৰ বাবে শিক্ষা বিভাগে ৰাজ্যৰ ১২ খন জিলাত অনুষ্ঠিত কৰিছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ ১০ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা বিদ্যালয় সমূহত অনুষ্ঠিত হৈ থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। 

জাকজমকতাৰে চৰকাৰী বিদ্যালয় সমূহত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই কিছু পৰিমাণে হ’লেও গুণোৎসৱৰ প্ৰস্তুতি স্লান পেলোৱা পৰিলক্ষিত হৈছে৷ 

নগাঁও জিলাৰ কঠীয়াতলি শিক্ষা খণ্ডৰ অন্তৰ্গত বহু চৰকাৰী বিদ্যালয়তো এটি গৃহৰ অভাৱত জৰাজীৰ্ণ গৃহ আৰু মুকলি আকাশৰ তলতে অনুষ্ঠিত হৈছে শিক্ষা বিভাগৰ গুণোৎসৱ। 

ইফোলে বিদ্যালয় গৃহৰ অভাৱত মধ্য টুবুকী প্ৰাথমিক বিদ্যালয়ত বাহিৰতে অস্থায়ী ভাৱে পেণ্ডল নিৰ্মাণ কৰি গুণোৎসৱ উদযাপন কৰা হৈছে।