newsnextone.com | কোকৰাঝাৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাক লৈ ভয় শংকা অমূলক। কিবা কাৰণত চূড়ান্ত খচৰাত নাম প্ৰকাশ নাপালে বা ভুল হলে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। পৰবৰ্তী পৰ্যায়ত নিজ নিজ এনআৰচি কেন্দ্ৰত যোগাযোগ কৰি কামখিনি কৰি লব পাৰিব। এইক্ষেত্ৰত বিপিএফ দলেও সহায় কৰিব। এই মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। 

কোকৰাঝাৰ চহৰৰ নিকটৰ কাৰীগাঁৱৰ মাইগংপুৰীত ৯ কোটি ৩৯ লাখ ব্যায়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৩০খন বিছনাযুক্ত মডেল হস্পিতালৰ আধাৰশিলা স্থাপন কৰি দেওবাৰে হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰিছে। এনআৰচিক লৈ ভয় শংকাৰ কোনো কাৰণেই নাই বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে কিবা ওজৰ আপত্তি বা সংশোধনৰ বাবেও ইতিমধ্যে এনআৰচি কৰ্তৃপক্ষই সময়সীমা বান্ধি দিছে আৰু সেয়েহে ৰাইজক শংকামুক্ত হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 

আনহাতে ৰাইজৰ দাবী অনুসৰিয়ে কাৰিগাঁৱৰ মাইগংপুৰীত মডেল হস্পিতালৰ সিদ্ধান্ত লোৱা হৈছে আৰু সেইমতে আধাৰশীলা স্থাপন কৰা হ'ল বুলি মন্তব্য কৰি মহিলাৰীয়ে সমস্যা কেতিয়াও শেষ নহয় যদিও শান্তি থাকিলে উন্নয়নৰ গতি দ্ৰুত হয় বুলি বাখ্যা কৰে। বাক্সাত কৃষি মহাবিদ্যালয় আৰু ওদালগুৰীত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলিও সদৰি কৰি মহিলাৰীয়ে কাৰিগাঁৱৰ মডেল হস্পিতালখন পূৰ্ণাঙ্গ ৰূপ পোৱাৰ পাছত চিকিৎসাক্ষেত্ৰত ৰাইজ উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে৷ 

 আধাৰশিলা স্থাপন কাৰ্যসূচীত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থাপন হ'বলগীয়া হস্পিতালখনত দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ চিকিৎসা লাভত সহায়ক হ'ব বুলি মন্তব্য কৰিছে । আধাৰশিলা স্থাপন কাৰ্যসূচীত বিটিচিৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জহিৰ আহমেদ অংশগ্ৰহণ কৰি কয় যে নতুনকৈ কাৰিগাঁৱৰ মাইগংপুৰীত স্থাপন হ'বলগীয়া হস্পিতালখনত সকলো সুবিধা উপলব্ধ হ'ব বুলি মত প্ৰকাশ কৰে।