তেজপুৰঃ মাজত আৰু মাথো কেইটামান দিন৷ তাৰ পিছতেই আৰম্ভ হ’ব মুষলধাৰ বৰষুণ৷ বৰষুণৰ পিছতেই হেজাৰ হেজাৰ বিঘাৰ খেতি উচন কৰি, অনেক লোকক গৃহহাৰা কৰি চলিব প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ৷ 

প্ৰতিবাৰেই খৰালিৰ সময়ছোৱা শুই বহি বাৰিষালৈ এমাহ থকাৰ সময়তে তৎপৰ হৈ পৰে প্ৰশাসন৷ ক্ষীপ্ৰ গতিৰে ছিঙা মথাউৰিসমূহ পুনৰ নিৰ্মানৰ চেষ্টা চলায় এখন নাটক ৰচনা কৰে চৰকাৰ তথা প্ৰশাসনে৷ মথাউৰি নিৰ্মানৰ বাবে আৱণ্টিত ধনেৰে পকেট গৰম কৰি মথাউৰিৰ নামত বালিৰ পাহাৰ সজাৰ অভিযোগ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে সদায় উত্থাপিত হৈ আহিছে৷ যাৰ ফলত বাৰিষা আহিলেই নৈৰ বুকুত পুনৰ জাহ যায় নৱনিৰ্মিত মথাউৰি৷ 

►এয়াও পঢ়ক- ধৰ্ষণৰ অভিযোগ অস্বীকাৰ দুই যুৱকৰ, চিন্তিত সচেতন মহল

শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপৰাৰ সমীপৰ গাভৰু নৈৰ মথাউৰি ছিঙি যোৱাবছৰ অঞ্চলটোৰ প্ৰায় ১০খন গাঁও প্লাৱিত কৰাৰ লগতে বহু বিঘা কৃষি মাটি গাভৰু নৈৰ প্ৰলংয়কাৰী বানে উচন কৰিছিল৷ যাৰ ফলত অঞ্চলটোৰ কৃষিজীৱি লোকসকলৰ জীৱনলৈ নামি আহিছিল কালসন্ধ্যা৷ কিন্তু ৰাইজৰ অভিযোগ মতে প্ৰবল বানৰ তাণ্ডৱৰ পিছতো অঞ্চলটোৰ ৰাইজক চৰকাৰ তথা বিধায়ক পল্লৱ লোচন দাস কোনোদিনে খবৰ নললে৷ 

ইফালে যোৱাটো বানত ছিঙি নিয়া গাভৰু নৈৰ মথাউৰিটো চৰকাৰে আজিকোপতি মেৰামতি নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷ যাৰ ফলত প্ৰায় কুৰিখন গাঁৱত পুনৰ এবাৰ গাভৰুৰ তাণ্ডৱ চলাৰ আশংকাত ভূগিছে অঞ্চলবাসী৷ চৰকাৰ কিম্বা প্ৰশাসনৰ খবৰ লবলৈ আহৰি নথকা অঞ্চলটোৰ ৰাইজে যোৱাবছৰো নিজৰ গাঁঠিৰ ধন ভাঙি মথাউৰিটো নিৰ্মাণ কৰিছিল৷ কিন্তু যোৱাবাৰ বানত সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা ৰাইজে পুনৰ এবাৰ নিজৰ ধনেৰে মথাউৰি নিৰ্মাণ কৰাত অসমৰ্থ বুলি প্ৰকাশ কৰিছে৷ যাৰ ফলত ভালে হওঁক বা বেয়াই হওঁক চৰকাৰখনেই অঞ্চলটোৰ ৰাইজৰ এতিয়া শেষ ভৰষা হৈ পৰিছে বুলি ৰাইজে প্ৰকাশ কৰিছে৷ 

►এয়াও পঢ়ক- কণী নাখাব, চৰকাৰৰ মতে কণী অখাদ্য

কিন্তু ৰাইজৰ ভৰষাত আকৌ এবাৰ চেঁচাপানী ঢালি স্থানীয় বিধায়ক পল্লৱ লোচন দাস আৰু প্ৰশাসনে আজি পৰ্যন্ত নিৰ্মান কৰা নাই মথাউৰিটো৷ যাৰ বাবে বাৰিষাৰ দিন চমু চাপি অহাৰ লগে লগে আকৌ এবাৰ জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ দিবলৈ সাজু হব লগা হৈছে অঞ্চলবাসী৷

উল্লেখ্য যে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলিত বৰ্ষৰ ৩০ এপ্ৰিলৰ ভিতৰত চিঙা ৰাজ্যৰ মথাউৰি সমূহ নিৰ্মাণ কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ কাৰ্যতঃ ভেকোভাওনাহে হৈ পৰা পৰিলক্ষিত হৈছে৷