newsnextone.com | তামুলপুৰঃ সমগ্ৰ ৰাজ্যৰ লগেত তামুলপুৰ মহকুমা প্ৰশাসনে এই বেলি ১৩, ১৪, ১৫ আগষ্ট তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসুচিৰে দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। ১৪ আগষ্ট'ৰ পুৱা স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত সমূহীয়া দৌৰ, স্কুল সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি, চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। 

১৫ আগষ্ট'ৰ পুৱা প্ৰভাত ফেৰী, নাগৰিক সকলৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত পতাকা উত্তোলন, ৯ বজাত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত সমূহীয়া কাৰ্যসুচী আৰম্ভ হয়। কাৰ্যসুচিৰ প্ৰথমে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰীই। 

তামুলপুৰ মহকুমাৰ অন্তৰ্গত চাৰি গৰাকীকৈ প্ৰগতিশীল খেতিয়ক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। স্বাধীনতা দিৱস উপলক্ষ্যে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত চিত্ৰাঙ্কণ, তৰ্ক আৰু সংগীত প্ৰতিযোগিতাৰ পুৰষ্কাৰ বিতৰণ কৰা হয়। তামুলপুৰ মহকুমা সাংস্কৃতিক বিভাগৰ সৌজন্যত জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰাৰ লগতে আবেলি প্ৰীতি ফুটবল খেলঅনুষ্ঠিত হয়। 

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিধায়ক ইমানুৱেল মুচাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, চক্ৰ বিষয়া আদিত্য গগৈ, নাগ্ৰীজুলি খণ্ড উন্নয়ন বিষয়া জ্যোতিশ কাকতি, তামুলপুৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰী চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ লগতে তামুলপুৰৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।