ডিজিটেল ডেস্কঃ এগৰাকী ব্যক্তিয়ে কিমান আয় কৰিব পাৰে নিশাটোৰ ভিতৰত? নিশাটোৰ ভিতৰতে ১৭ হাজাৰ কোটি টকা আয়ৰ কথা আপুনি ভাবিব পাৰেনে৷

চীনৰ অনলাইন শ্বপিং প্ৰতিষ্ঠান 'আলীবাবা’ৰ প্ৰতিষ্ঠাতা জেক মায়ে ৰাতিৰ ভিতৰতে আয় কৰিলে ১৭ হাজাৰ কোটি৷ ব্যৱসায়ীজনৰ সম্পত্তিৰ পৰিমান ৫৪ হাজাৰ কোটিৰ পৰা বৃদ্ধি হৈ প্ৰায় ২ লাখ ৬ হাজাৰ কোটি হৈছে৷

এই সম্পত্তিৰে ৫২ বছৰীয়া জেক মা এছিয়াৰ আটাইতকৈ ধনী আৰু বিশ্বৰ ধনাঢ্য লোকসকলৰ তালিকাত ১৪ নম্বৰ স্থানত আছে৷ ১৯৯৯ চনত জেক মায়ে প্ৰতিষ্ঠা কৰিছিল আলীবাবা৷

চীনৰ আৰ্থিক দুৰাৱস্থাৰ সময়তো দেশখনৰ অনলাইন বাণিজ্যৰ ক্ষেত্ৰখনত আলীবাবাই নিজৰ একছত্ৰী সাম্ৰাজ্য বিস্তাৰ কৰিছে৷ মুলত আলীবাবাৰ আয় বৃদ্ধি হোৱাৰ বাবেই এছিয়াৰ ভিতৰতে জেক মা হৈ পৰিছে আটাইতকৈ ধনী ব্যক্তি