newsnextone.com | কাজিৰঙাঃ ৰাষ্ট্ৰ সৃষ্ট নীপকোৰ কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত জনতাৰ অধিকাৰ, উপযুক্ত ক্ষতিপূৰণ তথা কৃত্ৰিম বানৰ কাৰক, বান্ধৰ অৱস্থিতি সম্বন্ধীয় শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে নীপকো কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰাৰ দাবীত বৃহস্পতিবাৰে গোলাঘাট উত্তাল কৰে জীপাল কৃষক-শ্ৰমিক সংঘই। চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবেই গোলাঘাট জিলাৰ গোলাঘাট, টেঙানি, মৰঙী, ৰঙাজান, খুমটাই, দৈয়াং, জামুগুৰি, হেৰহেৰি, শগুণপাৰা, নুমলীগড়, দুসুঁতিমুখ, কমাৰগাঁও, বংকোৱাল আদিকে ধৰি বিভিন্ন এলেকা নীপকোৱে এৰা পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 

বহু লোক গৃহহীন হোৱাৰ লগতে অজস্ৰ পোহনীয়া পশুধন মৃত্যু মুখত পৰিছে। এনে প্ৰেক্ষাপটত জীপাল কৃষক-শ্ৰমিক সংঘই সন্দেহ কৰে যে নীপকোৰ দৈয়াং বান্ধ ভাঙিছে। যাৰ বাবেই ইয়াৰ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰি গােলাঘাট জিলাৰ সাংবাদিকৰ স'তে বিশেষজ্ঞ দল প্ৰেৰণ কৰাৰ বাবে জিলা উপায়ুক্তক সংগঠনটোৱে আহ্বান জনায়। তদুপৰি, নীপকোৱে পানী এৰাৰ পূৰ্বে কি ধৰণে সাধাৰণ মানুহৰ মাজত জাননী প্ৰেৰণ কৰিছিল এই সমস্ত বিষয়টোৰ এটা উচ্চস্তৰীয় তদন্ত ঘোষণা কৰি শীঘ্ৰে শ্বেতপত্ৰ প্ৰদান কৰাৰ লগতে দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনায়।

 ইপিনে, নীপকো কাণ্ড, ২০১৮ ক “MAN MADE DISASTER” হিচাপে ঘােষণা কৰি ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক বিনাচৰ্তে ১০ লাখ টকাকৈ এক কালীন সাহায্য প্রদান কৰাৰ দাবী উত্থাপন কৰে। সংগঠনটোৱে স্পষ্ট ভাৱে কয় যে দেশৰ জনসংখ্যা বহুল উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ দৰে ৰাজ্য সমূহক কৃষিঋণ মাফ কৰিব পাৰে, তেনেস্থলত জীপাল কৃষক-শ্রমিক সংঘই ধাৰাবাহিক ভাৱে দাবী কৰি থকা বান ক্ষতিগ্রস্ত, শূঁৰপােকৰ দ্বাৰা ক্ষতিগ্রস্ত আৰু ৰঙানদী-নীপকো বান্ধৰ দ্বাৰা ক্ষতিগ্রস্ত অসমৰ কৃষকক ঋণ মাফ নকৰাৰ কাৰণ কি থাকিব পাৰে বুলি কৈ স্পষ্ট কৰিবৰ উল্লেখ কৰি ঋণ মাফ কৰিবৰ বাবে মুকলি আহ্বান জনায়। 

তদুপৰি, SDRF/NDRF অনুসৰি, মাত্ৰ এমুঠিমান চাউল-ডাইলেই প্ৰদান কৰি দায় সৰাৰ বিপৰীতে কৃষি আৰু পশুধন মন্ত্রী অতুল বৰাৰ গৃহ জিলাৰ ৰাইজক “পশু পালন আৰু কৃষি সম্পূর্ণ ক্ষতিপূৰণ প্ৰদান কৰা, এছ ডি আৰ এফৰ নীতি অনুসৰি, প্ৰতি গৰাকী মানুহৰ মৃত্যুৰ বাবে ৰাজ্যিক পুঁজিৰ তৰফৰ পৰা ৪ লাখ টকা আৰু কেন্দ্ৰীয় পুঁজিৰ তৰফৰ পৰা ২ লাখ টকা সৰ্বমুঠ ৬ লাখ টকা তৎকালীনভাৱে পৰিয়ালৰ লোকক প্ৰদান কৰক। 

প্ৰতিটো বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে পৰিয়ালক ৯৫,১০০/- টকা, প্ৰতিটো গৰুৰ মৃত্যুৰ বাবে ৩০,০০০/- কৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা তথা বানপীড়িত প্ৰতিটো পৰিয়ালকে আগন্তুক তিনি মাহৰ বাবে বিদ্যুৎ বিল মাফ কৰিবৰ বাবেও আহ্বান জনায়। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা সদৌ অসম জনজাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৰমানন্দ দাসে উপস্থিত থাকি কয় যে সম্ভৱতঃ বহন ক্ষমতা হেৰুৱাই পেলোৱা দৈয়াং জলবিদ্যুত প্ৰকল্পৰ দায়িত্বত থকা নীপকোৱে চূড়ান্ত অমনযোগিতাৰে এৰা পানীৰ বাবেই সমগ্ৰ গোলাঘাট জিলা তচনচ হৈছে। 

এনে প্ৰেক্ষাপটত নীপকোৰ বিষয়াৰ বিৰুদ্ধে চৰকাৰী ভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি হাত সাৱটি বহি থকাটো লজ্জাজনক। আনহাতে, নীপকো সৃষ্ট বানৰ বাবে চৰকাৰী পক্ষ দায়ী বুলি অভিযোগ কৰি উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰে। জীপাল কৃষক-শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেৰ লগতে সভাপতি জ্যোতিৰূপা বৰবৰা, সম্পাদক পুতুল নৰহ আৰু দেৱ পেগুৱে স্বাক্ষৰ কৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তক। 

জীপালে স্পষ্টকৈ কয় যে চৰকাৰী আৱেষ্টনীত থকা নীপকোৱে হঠাৎ এৰা পানীৰ বাবেই ৰাইজ বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। যাৰ বাবেই এই ক্ষয়-ক্ষতিৰ দায়িত্ব নীপকোৱে স্বীকাৰ কৰি বানপীড়িত ৰাইজ পৰ্যাপ্ত সাহায্য তথা উপযুক্ত ক্ষতিপূৰণ চৰকাৰে আদায় কৰি দিবৰ বাবে মুকলি আহ্বান জনায়। বান সাহায্য প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ। কেৱল চাউল, নিমখ আৰু ডাইল প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰী পক্ষই।

 কেৱল এই কেইপদ সামগ্ৰীৰে কোনো কাৰণতে এটা পৰিয়াল চলিব নোৱাৰে। আনহাতে, শিশুৰ বাবে খাদ্য তথা পশু খাদ্য প্ৰদানতো চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে চৰকাৰী পক্ষ। চৰকাৰী পক্ষক পৰ্যাপ্ত বান সাহাৰ্য প্ৰদান কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে যি পৰ্যন্ত বানপীড়িত নিজৰ গৃহলৈ উভতি যোৱাৰ পৰিৱেশ হৈ নুঠে সেই পৰ্যন্ত বান শিৱিৰতে থকাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়। 

আনহাতে, উপাৰ্জনৰ সকলো পথ নাইকিয়া হৈছে তাৰ বাবে ছমাহ পৰ্যন্ত বান সাহায্য প্ৰদান কৰাৰ লগতে বানত মৃত্যু হোৱা মানুহ আৰু পোহনীয়া পশু ধনৰ বাবে পৰ্যাপ্ত ক্ষতিপূৰণ অনতিপলমে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক প্ৰদান কৰিব লাগে। ইয়াৰ উপৰিও জীপাল কৃষক-শ্ৰমিক সংঘই স্পষ্ট কৰে যে গোলাঘাট জিলা ধান, মাহ, পাণ-তামোল, নেমু টেঙা আদিৰে ভৰপূৰ আছিল।

 কিন্তু, কৃত্ৰিম বানে সকলো ধ্বংস কৰিলে। সেয়ে প্ৰতিটো গছে কিমান উৎপাদন কৰিব পাৰে, সেই হিচাপত বজাৰ মূল্য নিৰ্ধাৰণ কৰি ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। পানী কমিলেও ঘৰলৈ যাব পৰাৰ যিহেতু পৰিৱেশ হোৱা নাই সেয়ে মানুহ-পশুৰ বাবে উপযুক্ত চিকিৎসা প্ৰদান, ব্লিছিং পাউডাৰ, ডেটল আদি প্ৰদান কৰিবৰ বাবেও আহ্বান জনায়। 

জীপাল কৃষক-শ্ৰমিকে কয় যে গোলাঘাটৰ বানপীড়িতৰ সকলো ধৰণৰ ঋণ মাফ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই কয় যে ৰাইজে গাঁঠিৰ ধন ভাঙি, ঋণ লৈ খেতি কৰিছিল। সেয়া নাইকিয়া হৈছে। এই ক্ষেত্ৰত সুদূৰ প্ৰসাৰী ব্যৱস্থা গ্ৰহণৰ লগতে ঋণ মাফ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। আনহাতে, পৰ্যাপ্ত সাহাৰ্য, উপযুক্ত চিকিৎসাৰ অভাৱত বান শিবিৰবোৰত আজিও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ থকাটো লজ্জাজনক বুলি অভিহিত কৰি এয়া অচিৰেই নিৰ্মূল কৰিবলৈ আহ্বান জনায় চৰকাৰী পক্ষক। 

 জীপালে কৰা অভিযোগ অনুসৰি, তথাকথিত পৰিৱৰ্তনকামী চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবেই নীপকোৱে এৰা পানীত যিহেতু  সমগ্ৰ গোলাঘাট জিলা শতাধিক গাঁৱৰ লক্ষাধিক জনগণৰ ভৱিষ্যত তচনচ হৈছে। বানত জিলাখনৰ কেইবাজনো লোকৰ মৃত্যু, বহু লোক গৃহহীন হোৱাৰ লগতে অজস্ৰ পোহনীয়া পশুধন মৃত্যু মুখত পৰিছে। এনে প্ৰেক্ষাপটত বানৰ প্ৰকৃত ক্ষয়ক্ষতি মূল্যায়ণ কৰি চৰকাৰীভাৱে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।