newsnextone.com | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱাত সোমবাৰে দিন দুপৰতে এগৰাকী উদীয়মান সাংবাদিকক এগৰাকী জ্যেষ্ঠ সাংবাদিকে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

জানিব পৰা মতে, চাবুৱাৰ যুৱ সাংবাদিক বিশ্বজিৎ ফুকনক চাবুৱা ৰেল ষ্টেচনৰ সমীপত ৩৭নং ৰাষ্টীয় ঘাইপথত সৌৰভ জ্যোতি চেতিয়া নামৰ সাংবাদিকজনে আক্ৰমণ কৰে৷ 

পথৰ দাতিত ৰৈ বিশ্বজিৎ ফুকনে এগৰাকী লোকৰ সৈতে কথাপাতি থকা অৱস্থাতে সৌৰভ জ্যোতি চেতিয়াই কোনো কথাৰ অৱতাৰণা নকৰাকৈ বিশ্বজিৎ ফুকনক আক্ৰমণ কৰে৷ দেহৰ কেইবাঠাইত ঘোচা মৰাৰ লগতে চৰ শোধায় সৌৰভ জ্যোতি চেতিয়াই৷ 

হঠাৎ এগৰাকী জ্যেষ্ঠ সাংবাদিকে উদীয়মান সাংবাদিকক আক্ৰমণ কৰাত কিংকৰ্তব্যবিমূঢ় হৈ পৰে বিশ্বজিত৷ তাৰ পিছতে কেইবাগৰাকী লোকে আহি সাংবাদিক জনৰ পৰা ৰক্ষা কৰে বিশ্বজিতক৷ ইতিমধ্যে বিশ্বজিতে চাবুৱা আৰক্ষী থানাত সৌৰভ জ্যোতি চেতিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিশ্বজিতে৷ 

আনহাতে newsnextone.comৰ সাংবাদিক বিশ্বজিতে দুদিন পূৰ্বে মৰসাহ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰৰ সমীপৰ এখন গাঁও ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম হোৱাৰ লগতে এখন বিদ্যালয় জাহ যোৱাৰ  বাতৰি প্ৰকাশ কৰিছিল newsnextone.comত৷ তাৰ পিছতে এই আক্ৰমণ সংঘটিত হয়৷

এই বাতৰিটো মৰসাহ কৰি প্ৰকাশ কৰিছিল বিশ্বজিতে 'আমাৰ আগত ডাঙৰ হৈছিল সোণোৱাল', মুখ্যমন্ত্ৰীৰ ঘৰৰ ওচৰৰ 'মাজুলী' নাথাকিব কেইটামান ঘণ্টাৰ পিছত

এতিয়া প্ৰশ্ন উত্থাপন হয় নিজকে চাবুৱাৰ সংবাদ জগতৰ পিতামহ বুলি ভবা সাংবাদিকজনে অস্তিত্বৰ সংকটত পৰি এনে কাণ্ড সংঘটিত কৰা বুলি কব খোজে আন একাংশ সাংবাদিকে৷ সান্দহ খোৱা বালি তল যোৱাৰ লগতে একছত্ৰী সম্ৰাট হৈ থাকিব খোজা একাংশ জ্যেষ্ঠ সাংবাদিকৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে নেকি কনিষ্ঠ সাংবাদিকসকল?