newsnextone.com | খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়াৰ কৃষকে এতিয়াৰ পৰা অনলাইন যোগে লাভ কৰিব সাৰ৷ বুধবাৰে দৰং জিলা প্ৰশাসনে ‘ইফকো’ সাৰ কোম্পানীৰ উন্নতমানৰ সাৰ লাভ কৰিবৰ বাবে কমন চাৰ্ভিচ চেণ্টাৰ মুকলি কৰে৷ ইয়াৰ জৰিয়তে অনলাইন আবেদন কৰি সুলভ মূল্যত সাৰ পোৱাৰ ব্যৱস্থা কৰে প্ৰশাসনে৷ উত্তৰ পূৰ্বাঞ্চলৰ এইটো প্ৰথম অনলাইন সাৰ পোৱাৰ কেন্দ্ৰ হৈ পৰিল৷ 

ৰাজ্যৰ ভিতৰতে বেছি কৃষক থকা খাৰুপেটীয়াত ৰাজ্যৰ ভিতৰতে বেছি কৃষি সামগ্ৰী উৎপাদন হয়৷ কিন্তু উন্নত মানৰ সাৰ লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছিল খাৰুপেটীয়াৰ কৃষকসকল৷  

উৎপাদিত সামগ্ৰীৰ উচিত মুল্য লাভ নকৰাৰ লগতে উন্নত সাৰ-বীজ নোপোৱাৰ ফলত হাজাৰ হাজাৰ টকা খৰছ কৰি উৎপাদন কৰা ফচল গৰু-ছাগলীক খুওৱাব লগা হয় দৰং জিলাৰ খাৰুপেটীয়াৰ কৃষকে৷ ৰাজপথৰ দাতিত বিক্ৰীৰ অভাৱত পেলাই দিব লগা হয় উৎপাদিত ফচল৷ কৃষকৰ উৎপাদিত ফচল চৰকাৰে ক্ৰয় নকৰাৰ লগতে শীতলীকৰণ গৃহ নথকাত অবাবতে নষ্ট হয় ফচল সমূহ।

ৰাজ্যৰ ভিতৰতে পাচলি উৎপাদনত অন্যতম খাৰুপপেটীয়াত কৃষকে পানীৰ দৰত পাচলি বিক্ৰী কৰিব লগা হয়৷ কিন্তু এটা সমস্যা সমাধান হ’ল দৰং জিলাৰ খাৰুপেটীয়াৰ কৃষকৰ৷ এতিয়াৰ পৰা অনলাইন যোগে উন্নত মানৰ সাৰ লাভ কৰিব দৰং জিলাৰ খাৰুপেটীয়াৰ কৃষকে৷

বুধবাৰে খাৰুপেটীয়াৰ অসম ক্লাৱত দৰং জিলা প্ৰশাসন আৰু দৰং জিলা ভিএলই এছোচিয়েচনৰ সহযোগত এখন কৃষি সজাগতা সভা অনুষ্ঠিত হয়। জিলা প্ৰশাসনে সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন জিলাৰ কৃষকৰ সৈতে মত বিনিময় কৰা দৃশ্য প্ৰচাৰ কৰে। সজাগতা সভাত দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তী উপস্থিত থাকি কৃষকসকলে ভেজাল কৃষি সাৰ ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি সেইবোৰ বন্ধ কৰা হ’ব বুলি কয়৷

সভাত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় কৃষকৰ উপস্থিতিত উত্তৰ পূৰ্বাঞ্চলক প্ৰথমটো ইফকো সাৰ কোম্পানীৰ কমন চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে কৃষকৰ বাবে সুলভ মূল্যৰ সাৰ পোৱাৰ কেন্দ্ৰ উপায়ুক্ত অশোক কুমাৰ বর্মনে উদ্ধোধন কৰে৷ কমন চাৰ্ভিছ চেণ্টাৰত অনলাইন যোগে অতি কম সময়ৰ ভিতৰত কৃষকে ভেজাল মুক্ত সাৰ লাভ কৰিব আৰু ইয়াৰ জৰিয়তে কৃষকে উপকৃত হব বুলি আশা প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে। 

সভাত দৰং জিলা কৃষি বিষয়া নীলকান্ত ডেকা, কমন চাৰ্ভিছ চেণ্টাৰৰ উত্তৰ পূৰ্বাঞ্চল মুৰব্বী জ্ঞান দলে, ইফকো উত্তৰ পূৰ্বাঞ্চল মুৰব্বী দেৱশ্ৰী বাগ, দলগাঁৱৰ ৰাজহ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ, বেচিমাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া ইছলাম উদ্দিন আহমেদ, দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মনতাজ আহমেদ, কমন চাৰ্ভিছ চেণ্টাৰ দৰং জিলা পৰিচালক ঝানজশ্ৰী সৰকাৰ, দৰং জিলা ভি এল ই এছোচিয়েচনৰ সভাপতি আমিনুল হক, সম্পাদক প্ৰবীণ শইকীয়াই উপস্থিত থাকে।