কোকৰাঝাৰঃ এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰউদ্দিন আজমলে বুধবাৰে দক্ষিণ-শালমাৰাৰ মানকাচৰত এক সংবাদমেলত সাংবাদিকক অশ্ৰাব্য গালি-গালাজেৰে অপদস্থ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা ঘটনাক কোকৰাঝাৰ প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷

বৃহস্পতিবাৰে এক বিবৃতিযোগে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰীতম ব্ৰহ্ম চৌধুৰী আৰু সম্পাদক হৰি শংকৰ ঠাকুৰে সাংসদগৰাকীয়ে সাংবাদিক তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা আক্ৰমণ ৰাজ্যখনৰ লগতে দেশৰ জনসাধাৰণৰ বাবে অতি গৰ্হিত কাৰ্য বুলি অভিহিত কৰিছে৷

উল্লেখ্য যে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰি সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীৰ লগতে কোকৰাঝাৰ জিলা এ বি এমছুৰ সভাপতি জাইদুল ইছলামেও আজমলৰ এই কাণ্ডক একেমুখে গৰিহণা দি এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে চৰম উপহাস কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে৷