newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ লংকাৰ কৃষ্ণ বৰা বি এড কলেজত ব্যাপক অনিয়ম চলি অহাৰ লগতে দেশৰ সদনত গৃহীত হৈ আইনত পৰিণত হোৱা তথ্য জনাৰ আইনক বুঢ়া আঙুলি দেখুওৱাৰ অভিযোগ উত্থাপন হৈছে। অনিয়মৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে জিলা খনৰ মোৰাঝাৰৰ জুহেল আমিন নামৰ এজন যুৱকে ২০১৭ চনৰ ৪ অক্টোবৰত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কিছু তথ্য বিচাৰি এখন আবেদন দাখিল কৰিছিল যদিও এটা বছৰে সঁচা তথ্য নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

যুৱকজনে ২০১৬-১৭ বৰ্ষৰ ছেপ্তেম্বৰ মাহত নামভৰ্তি কৰা ছাত্ৰৰ সংখ্যা, দৈনিক উপস্থিতিৰ স্বাক্ষৰ, আবেলি পাঠদানৰ ব্যৱস্থা আছেনে নাই ইয়াৰ উত্তৰ বিচাৰিছিল বুলি জানিব পৰা গৈছে।

কিন্তু কলেজৰ অধ্যক্ষই তথ্য জনাৰ অধিকাৰ আইনক ভেঙুচালি কৰি যুৱকজনক তথ্য দিয়াৰ পৰা বিৰত থাকে। যুৱকজনে কলেজৰ পৰা তথ্য নোপোৱাত কলেজত এক বৃহৎ অনিয়ম সংঘটিত হোৱাৰ সন্দেহত ২০১৭ বৰ্ষৰে ২১ নৱেম্বৰত জিলা উপায়ুক্তৰ কাষ চপাৰ লগতে তথ্য নিদিয়াৰ সংক্ৰান্তত জিলা উপায়ুক্তৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰে।

অভিযোগৰ ভিত্তিত উপায়ুক্তই ২০১৭ চনৰ ৫  ডিচেম্বৰত কলেজৰ অধ্যক্ষৰ কাৰ্যলয়লৈ এখন পত্ৰ প্ৰেৰণ কৰি যুৱকজনে দাখিল কৰা আবেদনৰ তথ্য যোগান ধৰিবলৈ এক নিৰ্দেশ দিয়ে। ইয়াৰ পাছত উপায়হীন হৈ অধ্যক্ষ মুষ্টাফিজুৰ ৰহমানে ১৭ চনৰ ১৫ ডিচেম্বৰত যুৱকজনে বিচৰা ধৰণে তথ্য নিদি বিচৰা তথ্যবোৰ কলেজৰ গোপনীয়তাৰ দোহাই দি এক পত্ৰ যুৱকজনলৈ অৰ্পণ কৰে।

ইফালে যুৱকজনে আবেদন কৰা প্ৰশ্নৰ উত্তৰৰ লগত কোনো মিল নথকাত যুৱকজনে পুনৰ উপায়ুক্ত আৰু গুৱাহাটী  বিশ্ববিদ্য়ালয়লৈ তথ্য নিদিয়াৰ কাৰণ বিচাৰি আন এক অভিযোগ দাখিল কৰাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু উপায়ুক্তই পুনৰ তথ্য দিবলৈ কলেজ কতৃপক্ষক নিৰ্দেশ দিয়ে।

ইয়াৰ পাছতোঁ কলেজ কতৃপক্ষই  যুৱকজনক আজি পৰ্যন্ত প্ৰকৃত তথ্য যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে। ১৩  জুলাইত যুৱকজনক কলেজ কৰ্তৃপক্ষই পুনৰ তথ্য দিয়াৰ বাবে কলেজলৈ মাতি অনাৰ পাছত যুৱকজনক কেচি আৰু লাখুটি দেখুৱাই ভয় ভাবুকি দেখুৱাই শাৰীৰিক অপদস্থ কৰা বুলি অধ্যক্ষ আৰু আন এজন কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যুৱকজনে।

তথ্য বিচাৰি আবেদন কৰাৰ পিছতোঁ কলেজ কৰ্তৃপক্ষই তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে বিচাৰি কৰা আবেদনৰ প্ৰকৃত তথ্য নিদিয়া আৰু অপদস্থ কৰা ঘটনা সংক্ৰান্তত যুৱকজনে আদালতৰ ওচৰ চাপে। কলেজৰ অধ্যক্ষ মুষ্টাফিজুৰ ৰহমানৰ বিৰুদ্ধে এক গোচৰ তৰে। অৱশ্য অধ্যক্ষই যুৱকজনক অপদস্থ কৰাৰ অভিযোগ অস্বীকাৰ কৰে। উল্লেখ্য যে,বি এড কলেজত পূৰ্বৰে পৰা ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। কলেজত চলি অনিয়ম আৰু খেলিমেলিৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ পোষকতা কৰিছে ৰাইজে।