নতুন দিল্লীঃ ন-হাজাৰ কোটি টকা কেলেংকাৰীৰে দেশবাসীক প্ৰৱঞ্চনা কৰি বিদেশলৈ পলায়ন কৰা উদ্যোগপতি বিজয় মালিয়াক শীঘ্ৰে ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হ'ব।

সোমবাৰে লণ্ডনৰ এখন আদালতে ভাৰতৰপৰা পলাই গৈ ব্ৰিটেইনত আশ্ৰয় লৈ থকা মালিয়াৰ বিৰুদ্ধে এই নিৰ্দেশ জাৰি কৰে।

শুনানিকালত চি বি আই আৰু ই ডিৰ এটা বিশেষ দলো আদালতত উপস্থিত আছিল।

কৰ্ণাটকৰ ৬২ বছৰীয়া বিজয় মালিয়াৰ বিৰুদ্ধে প্ৰায় ন-হাজাৰ কোটি টকাৰ কেলেংকাৰী আছে। তেওঁ ভাৰতৰ বিভিন্ন বেংকৰপৰা এই ঋণ লৈ পৰিশোধ নকৰি দেশৰপৰা পলায়ন কৰিছিল।

২০০৫ চনত কিংফিছাৰ এয়াৰলাইঞ্চ মুকলি কৰি তেওঁ দেশৰ বেংকসমূহৰপৰা কোটি কোটি টকাৰ ঋণ লৈছিল আৰু দেউলীয়া হোৱাত ২০১৩ চনত এই এয়াৰলাইঞ্চ বন্ধ কৰি দিয়া হৈছিল৷

বিশ্বৰ ধনী ব্যক্তিসকলৰ ভিতৰত বিজয় মালিয়াক ‘কিং অব গুড টাইম’ নামেৰে আখ্যা দিয়া হয়৷ জনতাৰ টকা ঋণ লৈ সেই টকাৰে ব্যৱসায় নকৰি অন্য কামত ব্যৱহাৰ কৰি লণ্ডনলৈ পলায়ন কৰা মালিয়াক প্ৰত্যৰ্পণৰ পাছত আৰ্থাৰ জে'লৰ ১২ নং কোঠাত ৰাখিবৰ বাবে সাজু কৰি ৰখা হৈছে৷ মন কৰিবলগীয়া যে এই কোঠাৰ কাষতে মুম্বাই আক্ৰমণৰ সন্ত্ৰাসবাদী আজনল কাছবক ৰখা হৈছিল।