নগাঁওঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চকলাঘাটৰ ক্ষেত্ৰী গাঁওস্থিত ঐতিমণ্ডিত শতবৰ্ষ গৰকা হাতীচোং সঞ্জীৱনি সংস্কৃত টোলৰ চৌহদত থকা বিষ্ণু মন্দিৰত সোমবাৰে নিশা চুৰিকাৰ্য সংঘটিত হয়৷  

কোনো দুৰ্বৃত্তই মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি পিতলৰ মুৰ্তিৰ লগতে সোণৰ বাঁহী, ৰূপৰ চেইন, সোণৰ ফুলিৰ লগতে নগদ টকা লুটি লৈ যায়। জাজৰি থানাৰ এলেকাত ধাৰাবাহিকভাৱে নামঘৰ, মঠ মন্দিৰত চোৰে লুটপাট চলাই আহিছে। অঞ্চলৰ ৰাইজে জনোৱা মতে নিশা অঞ্চলত কোনো ধৰণৰ গাঁওৰক্ষী বাহিনীৰ দল দেখা নাপায়। 

মন্দিৰত হোৱা চুৰি কাৰ্য পুৱা সকলো ৰাইজে প্ৰত্যক্ষ কৰি জাজৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ ঘটনা বুজ লয়। উল্লেখ্য যে, প্ৰায় এপষেক পূৰ্বে চকলাঘাট ৰাস মন্দিৰ আৰু চাউলখোৱা বুঢ়া নামঘৰত চোৰে চুৰি কাৰ্য সংঘটিত কৰি কাহ আৰু পিতলৰ বহু মূল্যৱান সামগ্ৰী লুট কৰি নিছিল৷