নগাঁওঃ ৰাজভোগৰ ক্ষমতা হাতৰ পৰা যোৱাৰ পিছৰে পৰা সংকটৰ ক’লীয়া ডাৱৰ আঁতৰা নাই ৰকিবুলি হুছেইনৰ৷ একালৰ সতীৰ্থৰ অভিযোগত ৰকিবুলি হুছেইনে এতিয়া চৰকাৰৰ ৰোষত পৰিব লগা হৈছে৷ একালৰ মহাপ্ৰতাপী মন্ত্ৰীৰ এতিয়া ঘৰে-দুৱাৰে সম্পত্তি বিচাৰি অভিযান চলাইছে চৰকাৰে৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ সবিশেষ বিচাৰি অভিযান অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ ভিজিলেন্সে৷ 

কংগ্ৰেছ নেতাগৰাকীৰ সম্পত্তি বিচাৰি বৃহস্পতিবাৰৰ পৰা নগাঁৱত বাহৰ পাতিছে ভিজিলেন্সৰ দল এটাই৷ বৃহস্পতিবাৰে নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত ভিজিলেন্সৰ দলে সম্পত্তিৰ তথ্য বিচাৰে৷ লাট মণ্ডলৰ জৰিয়তে মাটিৰ নথি বিচাৰে ভিজিলেন্সৰ দলেটোৱে৷ জানিব পৰা মতে, ভিজিলেন্সৰ দলটোৱে লাট মণ্ডল লগত নি বিভিন্ন ঠাইত সম্পত্তিৰ তথ্য আহৰণৰ চেষ্টা চলাই গৈছে৷

নগাঁও নচহৰৰ বিভিন্ন ঠাইত অভিযান চলাই বিভিন্ন তথ্য-পাতি পৰীক্ষা কৰি আছে ভিজিলেন্সে৷ নগাঁও চহৰত বিভিন্ন ঠাইত তথ্য বিচাৰি অভিযান চলোৱাৰ লগতে চামগুৰি আৰু আমনিত ভিজিলেন্সৰ দলটোৱে অভিযান চলাব বুলি জানিব পৰা গৈছে৷ 

প্ৰাক্তন মন্ত্ৰীজনৰ অসংখ্য সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল একালৰ সতীৰ্থ অনিল ৰাজাই৷ সংবাদ মাধ্যম যোগে সম্পত্তিৰ তালিকা পৰ্যন্ত প্ৰকাশ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে তদন্ত কৰাৰ নিৰ্দেশ দিছিল৷ বৃহস্পতিবাৰৰ পৰা নগাঁও চহৰ, চামগুৰি-আমনিৰ সম্পত্তিৰ তথ্য বিচাৰি অভিযান চলাই গৈছে ভিজিলেন্সৰ দলে৷ 

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৰ্বত সম সম্পত্তিৰ হিচাপ দাখিল কৰি ৰাজ্যত হৈ চে লগাইছিল বহিস্কৃত কংগ্ৰেছ নেতা অনিল ৰাজাই৷ ৰকিবুলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পিছতে অৱশেষত দলে বহিস্কাৰ কৰিছিল ৰাজাক৷ দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত দলৰ পৰা বহিস্কাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে৷

সতীৰ্থৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে দলে৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্বতসম সম্পত্তিৰ তালিকা সংবাদ মাধ্যমক প্ৰদান কৰিছিল৷