newsnextone.com | নলবাৰীঃ নামনি অসমৰ অন্যতম বাণিজ্যিক চহৰ নলবাৰী চহৰৰ বাট-পথৰ কদৰ্য ৰূপে চৰকাৰৰ চহৰ উন্নয়নৰ শ্ল'গানক একপ্ৰকাৰ ভেঙুচালি কৰা বুলি অভিযোগ উত্থাপন হৈছে।

নেতাৰে ভৰি থকা নলবাৰী জিলাৰ সদৰ চহৰখনৰ এনে অৱস্থাৰ বাবে ক্ষোভিত হৈ পৰিছে সচেতন নাগৰিক। বিভিন্ন ৰাজনৈতিক দলৰ লগতে শাসকীয় বিজেপি দলৰ কেইবাগৰাকী বিধায়ক আৰু মন্ত্ৰী থকাৰ পিছতোঁ সদৰ চহৰ খনৰ উন্নয়ন নোহোৱাত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে।

 চহৰ খনৰ ৰাস্তা-ঘাট, নলাসমূহৰ বিধ্বস্ত অৱস্থা ৷ চহৰ খনৰ উপ-পথ সমূহত গাঁতৰ সৃষ্টি হোৱাত বাৰিষা বৰষুণৰ পানী জমা হৈ পুখুৰী সদৃশ পৰিস্থিৰ সৃষ্টি হৈ অহাত ৰাইজে আহ-যাহ কৰাত ব্যাপক সমস্যাত পৰিব লগা হৈছে। নলবাৰী-হাজো পথত জমা হোৱা পানী ওলাই যোৱাৰ বাবে নলা নিৰ্মাণ নকৰাত নলবাৰী চহৰৰ বাসিন্দা আৰু ব্যৱসায়ীয়ে যাতনা ভোগ কৰিব লগা হৈছে। নলবাৰী পৌৰসভাই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। 

চহৰ খনৰ বিধ্বস্ত নলা সমূহ পুনৰ মেৰামতি নকৰাৰ ফলত জনসাধাৰণে ফল ভোগ কৰিব লগা হৈছে। নলবাৰী পৌৰসভাৰ অন্তৰ্গত ১২ টা ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডৰে নলাৰ অৱস্থা একেই। সকলোবোৰ নলাই মেৰামতিৰ অভাৱত জহি-খহি যাবলৈ আৰম্ভ কৰাৰ লগতে উন্নমুক্ত অৱস্থাত আৰু জাৱৰ-জোঁথৰেৰে ভৰি পৰা পৰিলক্ষিত হয়। প্ৰতিটো ৱাৰ্ডৰে জনসাধাৰণে বিধ্বস্ত বাটপথৰ মেৰামতি কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছে যদিও চকু মুদা কুলিৰ ভাও ধৰিছে সদৰৰ বিধায়ক অশোক শৰ্মা, নলবাৰীৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, পৌৰসভা সভাই। নগৰৰ মাজেৰে পাৰ হৈ যোৱা অতি ব্যস্ত হাজো-নলবাৰী পথটোৰ নলবাৰী জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত নলাৰ ব্যৱস্থা নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। 

১২টা ৱাৰ্ডৰে বাট-পথৰ কদৰ্যময় অৱস্থাই সমস্যাত পেলাইছে ৰাইজক। বৰষুণৰ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত নলাত জমা হৈ থকা লেতেৰা জাৱৰ-জোঁথৰ পথৰ মাজলৈ ওলাই আহে। নলাৰ পৰা লেতেৰা জাৱৰ-জোঁথৰ সমূহ খান্দি পথত থোৱাত বৰষুণ দিলেই সেই সমূহ পথৰ মাজলৈ আহে আৰু ৰাইজক সমস্যাত পেলায়। 

ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ সন্মুখৰ নলাৰ ঢাকনি আতৰাই নলা পৰিষ্কাৰ কৰাৰ নামত পৌৰসভাই ভেঁকোভাওনা কৰাৰ অভিযোগ উত্থাপন হৈছে। নগৰখনৰ উন্মুক্ত নৰ্দমাত একাংশ কাণ্ডজ্ঞানহীনলোকে জাৱৰ-জোঁথৰ পেলাই নিজেই চহৰ খনৰ সমস্যা বৃদ্ধি কৰিছে। নৰ্দমাৰ পানী ওলাই যাব নোৱাৰাৰ বাবেই বিগত সময়ত নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হৈ নলবাৰীৰ কেইবাখনো বিদ্যালয় পানীত ডুবি থকাত পাঠদান ব্যাহত হৈছিল। নলা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত নলবাৰী পৌৰসভাই বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে নলবাৰীৰ সচেতন লোক।