নলবাৰীঃ ঘৰৰ চাৰিবেৰৰ মাজত থকা দিল গ’ল নাৰীৰ৷ এতিয়া সকলো দিশতে পুৰুষৰ সমানে সমানে আগবাঢ়িছে মহিলা৷ চহৰ, নগৰৰ লগতে গ্ৰাম্য অঞ্চলৰ মহিলাও এতিয়া পিছপৰি থকা নাই৷ সকলোৱে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে ব্যস্ত হৈ পৰিছে৷ শনিবাৰে নলবাৰীৰ যজ্ঞভূমিত ভাৰত চৰকাৰৰ গ্ৰামীণ বিকাশ মন্ত্ৰণালয় আৰু টাটা ট্ৰাষ্টৰ আৰ্থিক সাহাৰ্যত নলবাৰীৰ বৰবৰিৰ গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত মহিলা সবলীকৰণ আঁচনিৰ অধীনত এখন সভা অনুষ্ঠিত হয়৷

পূৱ নলবাৰী মহিলা ব্লক ফেডাৰেছনৰ সহযোগত অনুষ্ঠিত বিশাল মহিলা সমাবেশত শ শ মহিলাই অংশ গ্ৰহণ কৰি প্ৰমাণ কৰে মহিলা আজি ওলাই আহিছে৷ ব্যৱসায়, চাকৰি সকলোতে এতিয়া মহিলা ওলাই আহিছে৷ সমাবেশত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই উপস্থিত থাকি তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত সমাজ পৰিবৰ্তনত মহিলাৰ উৰ্ধমূখী যাত্ৰা আদৰণীয় বুলি কৈ মহিলা সকলৰ এই প্ৰচেষ্টাক আমিও সমাজে সহযোগ কৰি আহিছে বুলি কয়।

অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, গ্ৰাম্য বিকাশ মঞ্চৰ সঞ্চালক পৃথথীভূষন ডেকা, সচিব দিবাকৰ ডেকা, গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক দীপক শৰ্মা, নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী চপলা ৰাজবংশী মেধি, আঞ্চলিক সদস্যা মঞ্জু ডেকা সহ বহুকেইজন বিশিষ্ট লোকে ভাষন ৰাখে। শেষত পূৱ নলবাৰী ব্লক মহিলা ফেডাৰেছনৰ পৰা বিধায়ক আৰু জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া, কৃষি বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।