• ১৫ দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ
  • নৈপৰীয়া লোকৰ সুৰক্ষা সুনিশ্চিত কৰি বাৰিষাৰ পূৰ্বে সম্পন্ন হ'ব চিগা মথাউৰিৰ মেৰামতিৰ কাম
  • ঠিকাদাৰসকলক আনুষ্ঠানিক নিৰ্দেশলৈ অপেক্ষা নকৰি প্ৰাৰম্ভিক নিৰ্দেশতে কাম আৰম্ভ কৰাৰ নিৰ্দেশ

গোলাঘাটঃ  গোলাঘাট নগৰৰ এজন মেধাৱী ছাত্ৰ,প্ৰতিভা সম্পন্ন যুৱক বিক্ৰান্তজিৎ শইকীয়াই নিজৰ কেইজনমান ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু সহযোগীক লৈ ৰাজ্যৰ যুৱ চামক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে ২০১৯ চনৰ ২৬ মে' তাৰিখে প্ৰতিষ্ঠা কৰিছিল ' অভিজ্ঞতা ' নামেৰে এটি সংগঠন।  

আজি সেই সংগঠনটোৱে দুটা বছৰ সম্পূৰ্ণ কৰিলে। প্ৰতিষ্ঠা কালৰে পৰা এই যুৱ সংগঠনটোৱে মানৱ সম্পদ উন্নয়নৰ হকে আৰু বিশেষকৈ অসমৰ প্ৰত্যেক গৰাকী যুৱক যুৱতীক জাতি ,ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে  এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। 

  • গোলাঘাটৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আৰু বোকাখাতৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন উপায়ুক্তৰ
  • ক'ভিড চিকিৎসালয়ত ৰোগীৰ বাবে বাতৰি কাকত, আলোচনী আৰু টেলিভিছন আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ
  • ক'ভিড ৰোগীক পৰ্যাপ্ত আৰু উন্নত মানৰ খাদ্য যোগান ধৰাৰ নিৰ্দেশ

গোলাঘাটঃ যি সময়ত অসমৰ যুৱক-যুৱতীসকলে ৰাজ্যৰ বাহিৰত ৩-৪ হাজাৰ টকাৰ বিনিময়ত আলধৰা লগুৱা হ’বলৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিছে ঠিক তেনে সময়তে গোলাঘাটৰ যুৱক লোকেন তামুলীয়ে অসমীয়া যুৱক-যুৱতী সকলৰ বাবে এক আদৰ্শ হৈ জিলিকি উঠিছে আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে৷ লোকেন তামুলীৰ এটা গ্ৰুপ আছে সূৰুযমুখী ৷ এই সুৰুযমুখীৰ জৰিয়তে লৈ তেওঁ ৰাইজৰ প্ৰয়োজন অনুসৰি বিভিন্ন সেৱা আগবঢ়োৱাৰ উপৰিও নিবনুৱা সকলক সংস্থাপন দিবলৈ সক্ষম হৈছে।

গোলাঘাটঃ চাহ শ্ৰমিকৰ মাজত ক'ভিড সজাগতাৰ প্ৰয়াস আৰু ক'ভিড আক্ৰান্তৰ মাজত সামগ্ৰী বিতৰণ আটছা ( স্বতন্ত্ৰ) ৰ সম্প্ৰতি ৰাজ্যৰ চাহ বাগিচা সমূহত ব্যাপক ৰূপত বৃদ্ধি পোৱা দেখা গৈছে ক'ভিডৰ সংক্ৰমণ। এনে সময়তে চাহ শ্ৰমিক সকলৰ মাজত ক'ভিড সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আগবাঢ়ি আহিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ( স্বতন্ত্ৰ)।  

  • চিকিৎসালয়ৰ বিছনাৰ পৰাই নিজ কৰ্তব্য সম্পাদনত ব্যস্ত এজন ক'ভিড যোদ্ধা
  • ক'ভিডত আক্ৰান্ত স্বাস্থ্য কৰ্মী সঞ্জুমনি বৰাৰ স্বাস্থ্যৰ বুজ ল'লে বিধায়ক মৃণাল শইকীয়াই

  

গোলাঘাটঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট শাখা আৰু মৰঙি উপ শাখাৰ উদ্যোগত আৰু বকিয়াল প্ৰাথমিক গোটৰ সহযোগত, বকিয়াল বাগান আৰু ছফেলা বাগানৰ কভিড চেণ্টাৰত বিনামূলীয়া মাক্স,চেনিটাইজাৰ,বিস্কুট আদি বিতৰণ কৰা হয় ৷

ৰাষ্টাত ৰখাই থব নোৱাৰিব পৰিত্যক্ত বাহন

 

গুৱাহাটীঃ  এতিয়াৰে পৰা মহানগৰবাসীয়ে ৰাজপথৰ কাষত ৰখাই থব নোৱাৰিব পৰিত্যক্ত বাহন। সংবাদমেলযোগে এই কথা জনালে গুৱাহাটী মহানগৰ যান–বাহন শাখাৰ DCP প্ৰাণজিৎ বৰাই। 

গুৱাহাটীঃ অসমীয়া বোলচবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদ আমাৰ মাজত আৰু নাই৷ আজি পুৱা গুৱাহাটীৰ এপ'ল' হাস্পাতালত তেখেতৰ মৃত্যু হয় । প্ৰাপ্ত খবৰ মতে কালি দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত ততালিকে দাৰা আহমেদক গুৱাহাটীৰ এপ'ল' হস্পিতালত ভৰ্ত্তি কৰোৱা হৈছিল । চিকিৎসকে লগে লগে তেওঁক আই চি ইউত ভৰ্তি কৰায়। কিন্তু আজি পুৱা চলচিত্ৰ পৰিচালক গৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে । 

  • নগাওঁ জিলা প্ৰশাসনৰ দ্বাৰা জিলাখনৰ কভিড ৰোগীৰ সমস্যা নিৰূপনৰ বাবে বিষয়াক দায়িত্ব অৰ্পণ।

 

নগাওঁঃ নগাওঁ জিলা প্ৰশাসনে জিলাখনৰ লক্ষণযুক্ত আৰু বিনা লক্ষণযুক্ত কভিড-১৯ আক্ৰান্ত ৰোগী সকলৰ স্বাস্থ্যজনিত আৰু কন্টেইনমেন্ট জ'নত থকা দৰিদ্ৰ লোকসকল, বিপদ্ৰগ্রস্ত লোকসকলৰ খাদ্য সংক্ৰান্তীয় যিকোনো সমস্যাৰ সমাধানৰ বাবে দুজন ন'ডেল বিষয়াক দায়িত্ব অৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে । 

Pages