গোলাঘাট, ১৯ জুলাই : গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । জিলাখনত ক'ভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই মদ আৰু সুৰা বিক্ৰী কৰা ঠাইসমূহ যাতে এই ৰোগৰ সংক্ৰমণৰ স্থলীলৈ পৰিণত নহয়, তাৰ বাবে ব্যাপক অভিযান চলাবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত বিভাগে অভিযান তীব্রতৰ কৰি তুলিছে । জিলাখনৰ ভিন ভিন ঠাইত যোৱা এসপ্তাহত গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয় ।

NEWS NEXT ONE - ৰাজ্য চৰকাৰে ক'ভিড 19 মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি গোলাঘাট জিলাত অব্যাহত থকা সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'নৰ নিষেধাজ্ঞা বাহাল ৰখাৰ নিৰ্দেশ দিছে । সমগ্ৰ গোলাঘাট জিলাখনেই ২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে পূৰ্বৰ দৰেই সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন হৈ থাকিব । সেই অনুসৰি -

News Next One - ৰাজ্যৰ উচ্চ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰী সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে এ আই এছ এফৰ ৰাজ্যিক সভাপতি মানস বৰা আৰু উপ সভাপতি বিতোপন গগৈয়ে কয় যে চৰকাৰে নিৰ্বাচনৰ বাবে পৰীক্ষা সমূহ পিছুৱাই নিদি সময়ত অনুষ্ঠিত কৰা হ'লে যোৱা প্ৰায় ছমাহে পৰীক্ষাক লৈ চলি থকা অচলাৱস্থা, বেমেজালি, কেলেংকাৰীৰ সৃষ্টি নহ'লহেঁতেন।

NEWS NEST ONE , বিশ্বনাথ চাৰিআলি , ১৭ জুলাই ঃ কভিড মহামাৰীত স্বামীহাৰা হোৱা বিধৱা মহিলা সকলৰ বাবে আশাৰ বতৰা ৷ কভিড মহামাৰীত বিধৱা হোৱা মহিলা সকললৈ মূখ্যমন্ত্ৰীয়ে আগবঢ়াইছে সহায়ৰ হাত ৷

বিশ্বনাথত আজি মন্ত্ৰী পিযুষ হাজৰিকাই বিধৱা মহিলা সকলৰ হাতত সাহাৰ্যৰ চেক সমূহ অৰ্পন কৰে ৷ এই উপলক্ষে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুষ্টিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷

গোলাঘাট, ১৭ জুলাই : ' যিমানেই পঢ়িবা, সিমানেই শিকিবা ' এই মূলমন্ত্ৰকে সাৰোগত কৰি উঠি অহা প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ এক আলোড়ন সৃষ্টিৰ লক্ষ্যৰে গোলাঘাটৰ 'দ্য ইকুইনক্স ' নামৰ যুৱ সংগঠনটোৱে অনুষ্ঠিত কৰিবলৈ লৈছে এখনি অনলাইন গ্ৰন্থ সমালোচনা প্ৰতিযোগিতা।

News Next One .বিশ্বনাথ চাৰিআলি ,১৬ জুলাই ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ মহজুলি পথাৰত প্ৰায় ১২ বছৰতকৈও অধিক কাল পৰিত্যক্ত অৱস্থাত পৰি আছে এটি ব্যৱসায় গৃহ ৷ মেৰামতিৰ অভাৱত ব্যৱসায় গৃহটিৰ ওৱাল জহিখহি যাবলৈ ধৰিছে ৷ হাবি জংঘলৰে পৰিপূৰ্ণ হোৱা ব্যৱসায় গৃহটিত সাপ ,ভেকুলিকে ধৰি অন্যান্য বিষাক্ত সৰীসৃপৰ আৱাসস্থল হৈ পৰিছে ৷ প্ৰায় ৮ লক্ষাধিক টকাৰে নিৰ্মিত ব্যৱসায় গৃহটি মেৰামতি নকৰাত উদ্বেগ প্ৰকাশ কৰিছে সচেতন ৰাইজে ৷

News Next One দৰং- সাম্প্ৰতিক সময়ত ৰাজ্যত কিডনী বিক্ৰীৰ দৰে ঘটনাই চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তেই দৰং জিলাৰ পূৱ প্ৰান্তৰ দলগাঁও ৰ ঢেকেৰিগাঁওৰ যুৱক নিতু দাসক কিডনী বিক্রীৰ চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত মৰিগাঁও আৰক্ষীয়ে দলগাওঁ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে।

যুৱকজনে চলিত বৰ্ষত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এককালীন সাহায্যও আগবঢ়ায় । যুৱক জনে চৰকাৰী বিধিগত ভাবে এই প্ৰক্ৰিয়া অব্যাহত ৰাখে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে । মৰিগাঁও আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক অনুসন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

স্থানীয় সংবাদদাতা: বৰ্ণিল বৰুৱা, দৰং জিলা

গোলাঘাট, ১৫ জুলাই : গোলাঘাট জিলাত ক'ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব ।

Pages