ডিজিটেল ডেস্ক,১৪ চেপ্টেম্বৰঃ কোভিডকালীন পৰিৱেশৰ বাবে দীৰ্ঘসময় ধৰি বন্ধ হৈ থকা শিক্ষানুস্থানসমূহ অৱশেষত খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণহ কৰিছে ৰাজ্যচৰকাৰে৷পৰ্যায়ক্ৰমে শিক্ষানুস্থানসমূহ খুলিব৷ইতিমধ্যেই বিগত সপ্তাহৰহপৰাই দ্বাদশ আৰু স্নাতক শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছেই৷এইবিষয়ে সংবাদ মাধ্যমক অৱগত কৰি শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগুৱে কয় যে
চলিত মাহৰ পৰাই আৰম্ভ হ’ব দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান।শিক্ষানুস্থানসমূহ খুলিলেও সদ্যহতে বন্ধ থাকিব হেষ্টেল সমূহ।এই সন্দৰ্ভত পৰৱৰ্তী কেবিনেট বৈঠকত লোৱা হ’ব সিদ্ধান্ত।

News Next One , বিশ্বনাথ চাৰিআলি , ১৪ ছেপ্তেম্বৰ ঃ আজি বিশ্বনাথ চাৰিআলি চাপ্লাইৰ সন্মুখত চিপিআই (এম) বিশ্বনাথ জিলা কমিটিৰ উদ্যোগত গো সুৰক্ষা বিধেয়ক ২০২১ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ডিজিটেল ডেস্ক,১৪ চেপ্টেম্বৰঃ ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ গৃহবিভাগে আৰক্ষী বিভাগত এক ব্যপক ৰদ বদলত অনুমোদন জনায়৷এই ৰদ-বদল মতে এপিএছ বিষয়া কুলেন্দ্র নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷ এপিএছ বিষয়া অনিৰ্বাণ শৰ্মাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয়৷এপিএছ বিষয়া লৱ কুমাৰ ডেকাক চিৰাঙৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া মৃদুল বৰুৱাক গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়৷এপিএছ বিষয়া আব্দুল ৰচিদক বৰমণিপুৰ মৰিগাঁও উপ আৰক্ষী অধীক্ষক হিচাপ

গোলাঘাট, ১৩ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো যোৱা ১ ছেপ্টেম্বৰৰ পৰা গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ মাজত পৰিপুষ্টি তথা প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনি সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ হোৱা মাত্ৰু বন্দনা সপ্তাহৰ যোৱা ৭ ছেপ্টেম্বৰত সামৰণি পৰে ।

News Next One - বিশ্বনাথ চাৰিআলি , ১৩ ছেপ্তেম্বৰ ঃ অসমৰ বিশ্বনাথ চাৰিআলিয়ো শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া হিচাপে এক সুনাম আছে। বিগত বৰ্ষৰ দৰেই এইবাৰো কভিড জনিত পৰিস্থিতিৰ মাজত বিশ্বনাথ চাৰিআলি অঞ্চলৰ যথেষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই যথেষ্ঠ সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজৰে বহুতে অদ্যাপি বিশ্বনাথ চাৰিআলিৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা নাই।

ডিজিটেল ডেস্ক,১২ চেপ্টেম্বৰঃ যোৱা বৃহস্পতিবাৰে জনতাভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক।এই কেবিনেট বৈঠকৰ পিছতেই সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷মাজুলীৰ ঘটনাৰ বাবে কেবিনেটৰ আৰম্ভণিতে কৰা হয় মৌন প্রাৰ্থনা।অতিৰিক্ত মুখ্য সচিব মনিন্দ্র সিঙক দিয়া হয় মাজুলী ঘটনাৰ তদন্তৰ দায়িত্ব। ঘটনাৰ তদন্তৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিল কৰিব লাগিব।মাজুলীৰ ঘটনাৰ বাবে আৰক্ষীকো ফৌজদাৰী গোচৰ তৰাৰ নিৰ্দেশ কেবিনেটৰ।মাজুলী সংযোগী দলং নিৰ্মাণ সম্পৰ্কে পৰ্যবেক্ষণ কৰিবলৈ বিত্তমন্ত্রী অজন্তা নেওগক দায়িত্ব প্ৰদান কৰা হয়৷ডি এন এল এয়ে ৬ মাহৰ বাবে

গোলাঘাট, ১২ ছেপ্টেম্বৰ : গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে ।

১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লয় । এই প্ৰক্ৰিয়াত মুঠ ১,১৯৭ টা খড়্গ পৰীক্ষা কৰা হয় । বন সংৰক্ষক তথা ভাৰতীয় বন সেৱা বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব হিচাপে থকা সমিতিখনত শীৰ্ষ বন বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি, পৰিৱেশবিদ, সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে ।

গোলাঘাট, ১১ ছেপ্টেম্বৰ : গোলাঘাট মহকুমা কল্যান বিভাগৰ উদ্যোগত আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত গোলাঘাট, দেৰগাঁও, খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণৰ এটা কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

গোলাঘাট, ৯ ছেপ্টেম্বৰ : গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজিৰেপৰা গোলাঘাট কোষাগাৰত জমা কৰি ৰখা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লৈছে ।

Pages