ডিজিটেল ডেস্কঃ ২১ আগষ্ট: সামাজিক মাধ্যমত দূৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানক মুকলিকৈ সমৰ্থন কৰি পোষ্ট দিয়া ১৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। ৰাজ্যৰ ১০ খন জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তালিবানক সমৰ্থন কৰা এই ১৪ জন যুৱকক।

উচ্চ শিক্ষাৰে শিক্ষিত আৰু বিজ্ঞানৰ ছাত্ৰও জড়িত আছে এই আইন বিৰোধী কাৰ্যত৷তেওঁলোকৰ ভিতৰত আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰ আৰু দুজন মৌলানা। নাদিম আফতাৰ নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনৰ ঘৰ হৈছে হাইলাকান্দিত।

NEWS NEXT ONE, বিশ্বনাথ চাৰিআলি ঃ অসমৰ জনপ্ৰিয় আলোচনী "ৰ’দ"ৰ শুভ উন্মোচনীৰ কাৰ্যসুচী যোৱা কালি বিশ্বনাথ চহৰৰ মাজমজিয়াত আজি অনুষ্ঠিত হয় ৷

গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকাশিত জনপ্ৰিয় "ৰ’দ" আলোচনীৰ জুলাই/আগষ্ট/ ছেপ্তেম্বৰ ২০২১ সংখ্যাটিৰ আলোচনী সম্পাদক জয়ন্ত বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী আৰু কবি সাহিত্যিক কমল চন্দ্ৰ ভুঞাই শুভ উন্মোচন কৰে ৷

ডিজিটেল ডেস্ক,১৯ আগষ্টঃ পোনপ্ৰথমবাৰৰ বাবে নেচনেল ডিফেন্স একাডেমী (এন ডি এ)ৰ প্রৱেশ পৰীক্ষাত মহিলাসকলেও অৱতীর্ণ হ’ব পাৰিব৷ আজি এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণৰ সময়ত উচ্চতম ন্যায়ালয়ে অন্তর্ৱর্তী ৰায়ত এই কথা ঘোষণা কৰিছে৷ আজি এই শুনানিত এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলাসকলক বহিবলৈ অনুমতি নিদিয়াৰ অভিযোগৰ ভিত্তিত ভাৰতীয় সেনাক কঠোৰ ভাষাত সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে৷অহা ৫ ছেপ্টেম্বৰত নেচনেল ডিফেন্স একাডেমীৰ প্রৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব৷ইয়াৰ লগে লগেই মহিলাসকলৰ বাবে ভাৰতীয় সেনাৰ উচ্চ পদবীত অংশগ্ৰহণৰ এক যুগান্তকাৰী পৰিঘটনাৰ আৰম্ভণি হ’ল৷

ডিজিটেল ডেস্ক,১৯ আগষ্টঃ আফগানিস্তান তালিবানৰ অধীনলৈ যোৱাৰ লগে লগেই সমগ্ৰ বিশ্বতেই তুমুল চৰ্চা চলিছে তালিবানৰ শাসন পদ্ধতি আৰু আফগান নাগৰিকৰ ভৱিষ্যতৰ প্ৰসংগত৷ইয়াৰ মাজতেই তালিবানক সমালোচনা আৰু নিষিদ্ধ ঘোষণা কৰিছে বহু ৰাষ্ট্ৰই৷আন কিছুসংখ্যক লোক আৰু সংগঠনে সামাজিক মাধ্যমযোগে তালিবানক আদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰাওঁ পৰিলক্ষিত হৈছে৷সেইবাবেই ফেচবুক কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

গোলাঘাট, ১৯ আগষ্ট : গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গোলাঘাট জিলা আদালত চৌহদত অহা ১১ছেপ্টেম্বৰত লোক আদালত অনুষ্ঠিত হ'ব । এই লোক আদালতত বেংক, বিদ্যুৎ বিভাগ, পৌৰ সভা আৰু আদালতত আমীমাংসিত হৈ থকা মোকৰ্দমাসমূহ আপোচ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব ।

গোলাঘাট, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে আজি গোলাঘাট জিলাতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ক'ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাটৰ সমন্বয় পথাৰত সীমিত কাৰ্যসূচীৰ মাজেৰে স্বাধীনতা দিৱস পালন কৰা হয় । দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে জিলাবাসীক উদ্দেশ্যি ভাষণ দিয়ে । তেওঁ শ্বহীদ আৰু মুক্তিযুঁজাৰুৰ পৰিয়াল, ক'ভিড যোদ্ধা, আদৰ্শ কৃষক আৰু গাঁওৰক্ষী বাহিনীক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত স্থান ল

News Next One , বিশ্বনাথ চাৰিআলি , ১৫ আগষ্ট ঃ দেশৰ সৰ্বতে স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপন কৰাৰ সমান্তৰালকৈ বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হয় ৷ দিৱসটিৰ লগত সংগতি ৰাখি 'স্বদেশ " নামৰ হাতে লিখা প্ৰাচীৰ পত্ৰিকা প্ৰথম বাৰৰ বাবে উন্মোচন কৰা হয় ।

Pages