ডিজিটেল ডেস্ক,২৫ জুলাইঃ অৱশেষত নিয়তিৰ ওচৰত ওচৰত হাৰ মানিলে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াই৷মহাবিদ্যালয়খনৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত আহত হৈ মুমুৰ্ষ অৱস্থাত চিকিৎসাধীন হৈ থকা ধেমাজিৰ নন্দিতা শইকীয়াৰ আজি শেষ নিশ্বাস ত্যাগ৷ আজি দিনৰ ১ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰীগৰাকীয়ে৷উল্লেখ্য যে যোৱা শণিবাৰে ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত ৰাজপথত ঢলি পৰিছিল নন্দিতা৷

Categories: 

গোলাঘাট, ২৪ আগষ্ট : গোলাঘাট জিলাত আইন-শৃংখলা অক্ষুন্ন ৰখাৰ লগতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা তথা শান্তি সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী কুলদ্বীপ হাজৰিকাই এই নিৰ্দেশ জাৰি কৰিছে ।

ডিজিটেল ডেস্ক,২৪ আগষ্টঃ হঠাতে খবৰৰ কেন্দ্ৰবিন্দু হৈ পৰিল ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়৷বৈদু্তিন মাধ্যম,সামাজিক মাধ্যম অথবা খবৰ কাগজত অকল মৰিঢল মহাবিদ্যালয়ৰ চৰ্চা৷চৰ্চা কোনো উল্লেখযোগ্য সফলতাৰ বাবে নহয়৷এজন মানুহৰূপী দানৱ ৰিণ্টু শৰ্মাৰ কুকৰ্মই বিগত কিছুদিন খবৰৰ কেন্দ্ৰবিন্দুত ৰাখিছে৷উল্লেখযোগ্য যে ৰিণ্টু শৰ্মা হ’ল মহাবিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী৷ মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ বিয়েৰাৰ হিচাবে কৰ্মৰত ৰিণ্টু শর্মাৰ দাৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল নন্দিতা শইকীয়া নামৰ ছাত্রীগৰাকী৷নন্দিতাৰ লগতে আন এগৰাকী ছাত্ৰীকো দাৰে ঘপিয়াই আহত কৰিছিল ধৃত ৰিণ্টু শৰ্মাই৷ বৰ্তমান ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ

News Next One , বিশ্বনাথ চাৰিআলি , ২৩ আগষ্ট ঃ ভাৰতৰ সংবিধানত অষ্টম অনুসুচীত অন্তভুক্তিৰ পাছত ক্ৰমে ভাষা চৰ্চা , প্ৰচাৰ ,প্ৰসাৰ তথা শৈক্ষিক দিশত এলাগি হৈ পৰিছে চাওঁতালী ভাষা ৷অসমত প্ৰায় দহ লক্ষাধিক চাওঁতাল ভাষী লোকসকলে ভাষা চৰ্চাৰ বাবে বিশেষ চৰকাৰী আইনগত সুবিধা নথকাৰ বাবে এক প্ৰকাৰ চাওঁতালীভাষী লোক সকলে শৈক্ষিক ক্ষেত্ৰত শংকিত হৈ পৰা পৰিলক্ষিত হয় ৷

ডিজিটেল ডেস্ক,২২ আগষ্টঃ বিগত প্ৰায় দুটা বছৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসুধন সোৱৰাই থকা কোভিড ভাইৰাছৰ তৃতীয় ঢৌৰ আশংকাই চিন্তিত কৰি তুলিছে সকলোকে৷ এইক্ষেত্ৰত নীতি আয়োগৰ সদস্য ভি কে পলে যোৱা মাহত কোৰোনা সংক্ৰমণৰ মোকাবিলা কৰিবলৈ চৰকাৰক কিছু পৰামৰ্শ আগবঢ়াইছিল। ইয়াত কোৱা হৈছে যে ভৱিষ্যতে প্ৰতি ১০০টা কোৰোনা সংক্ৰমণৰ ভিতৰত ২৩গৰাকী ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিব লাগিব।

ডিজিটেল ডেস্ক,২১ জুলাইঃ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য

ডিজিটেল ডেস্কঃ ২১ আগষ্ট: সামাজিক মাধ্যমত দূৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানক মুকলিকৈ সমৰ্থন কৰি পোষ্ট দিয়া ১৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। ৰাজ্যৰ ১০ খন জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তালিবানক সমৰ্থন কৰা এই ১৪ জন যুৱকক।

উচ্চ শিক্ষাৰে শিক্ষিত আৰু বিজ্ঞানৰ ছাত্ৰও জড়িত আছে এই আইন বিৰোধী কাৰ্যত৷তেওঁলোকৰ ভিতৰত আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰ আৰু দুজন মৌলানা। নাদিম আফতাৰ নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনৰ ঘৰ হৈছে হাইলাকান্দিত।

NEWS NEXT ONE, বিশ্বনাথ চাৰিআলি ঃ অসমৰ জনপ্ৰিয় আলোচনী "ৰ’দ"ৰ শুভ উন্মোচনীৰ কাৰ্যসুচী যোৱা কালি বিশ্বনাথ চহৰৰ মাজমজিয়াত আজি অনুষ্ঠিত হয় ৷

গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকাশিত জনপ্ৰিয় "ৰ’দ" আলোচনীৰ জুলাই/আগষ্ট/ ছেপ্তেম্বৰ ২০২১ সংখ্যাটিৰ আলোচনী সম্পাদক জয়ন্ত বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী আৰু কবি সাহিত্যিক কমল চন্দ্ৰ ভুঞাই শুভ উন্মোচন কৰে ৷

Pages