representative image

Representative image

গোলাঘাটৰ নিজা প্ৰতিবেদক:   ৰাজ্য খনত বৰ্দ্ধিত ক'ভিড ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এলানি নতুন নিয়মাৱলী প্ৰযোজ্য কৰিছে ৷ এই নতুন নিয়মাৱলীত কিছু নিয়ম পূৰ্বৰ দৰে বাহাল থাকিব যদিও এইবেলি আন্তঃজিলা যাতায়তত বাধা আৰোপ কৰা হৈছে ৷ অৰ্থাৎ এখন জিলাৰ মানুহ আন এখন জিলালৈ যাব নোৱাৰিব ৷ কিন্তু ৰোগীৰ ক্ষেত্ৰত এই নিয়ম শিথিল যদিও সঠিক আৰু শুদ্ধ কাগজ দেখুৱাব লাগিব ৷ 

গোলাঘাটৰ নিজা প্ৰতিবেদক:  ১৭ মে' ২০২১ ৰাজ্যখনত বৰ্দ্ধিত ক'ভিড-১৯ ৰোগীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰা দিনৰ ১১ বজাৰ পৰা জাৰী কৰা সান্ধ্য আইনৰ প্ৰতি অইন জিলাৰ লগতে গোলাঘাট জিলাৰ সদৰ চহৰতো জিলা বাসীয়ে সম্পূৰ্ণ সহাঁৰি জনাইছে ৷ সদৰ চহৰ খনৰ দোকান-পোহাৰ দিনৰ ১১ বজাৰ লগে লগে চৰকাৰী নীতি-নিয়ম অনুসৰু বন্ধ হৈ যায় ৷ এই সান্ধ্য আইনৰ সময়ছোৱাত সদৰ চহৰ খনত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা দেখা নাই ৷

গুৱাহাটী: যোৱাকালি এক নিৰ্দেশনা যোগে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন জিলা সমুহৰৰ উপায়ুক্ত সকলৰ সালসলনি ঘটায়৷ উল্লেখযোগ্য যে এদিন পূৰ্বেই আৰক্ষী অধীক্ষক সকলৰ সালসলনি ঘটাইছিল ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷

গোলাঘাটঃ সমগ্ৰ ভাৰতবৰ্ষৰ নিচিনাকৈ আমাৰ অসমতো ক’ভিড-১৯ অতিমাৰীয়ে ভয়ঙ্কৰ ৰূপ ধাৰন কৰিছে৷ ৰাজ্যখনত এতিয়ালৈকে তিনিলাখ ছব্বিশ হাজাৰ নশ ঊনআশী গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য আহিছে৷ যোৱাকালিলৈকে পাঁছহাজাৰ তিনিশ সাতছল্লিছ গৰাকী নতুন ব্যাক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ খৱৰ আছে আৰু এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা দুইহাজাৰ এশ তেইছ গৰাকী৷ 

ব্ৰেকিং....

  • ঘূর্ণীবতাহ ঢৌক্টীৰ আগমনক লৈ শংকিত চৰকাৰ
  • ক্ষতিগ্ৰস্ত হ’ব পৰা ৰাজ্যসমূহৰে আগতীয়া সহযোগিতা কেন্দ্ৰৰ

  • সোমবাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব মহানগৰীৰ কণ্টেইনমেণ্ট জোন 
  • মহানগৰীত বৃদ্ধি  হ’ব দুখন শ্মশান 

 

গুৱাহাটীঃ আজি কোৰোনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্তই এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে৷ এই সংবাদমেলত তেখেতে পূৰ্বতে কন্টেইমেন্ট জ’ন ঘোষণা কৰা মহানগৰীৰ তিনিটা ৱাৰ্ড ক্ৰমে ৮, ১৬ আৰু ২৮ ত কোভিড সংক্ৰমন কম হোৱাৰ পৰিপ্ৰেক্ষিতত অহাকালি ১৭ মেৰ পৰা কাৰ্যকৰি হোৱাকৈ কণ্টেইনমেণ্ট জোন প্ৰত্যাহাৰ কৰা হয়৷ 

 

  • ১১ বজাত ব্যৱসায় প্ৰতিস্থান বন্ধ, ১২ বজাৰ পৰা সান্ধ্য আইন

গুৱাহাটীঃ  আজি এক নতুন নিৰ্দেশনা যোগে অসম চৰকাৰে দিনৰ ১১ বজাতেই সকলো ধৰনৰ ব্যৱসায় প্ৰতিস্থান আদি বন্ধ ৰখাৰ কথা ঘোষণা কৰাৰ লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হোৱাৰ কথা ঘোষণা কৰে৷ উল্লেখযোগ্য যে ৰাজ্যৰ সকলো জিলাতেই এই নিয়ম প্ৰযোজ্য হব৷ 

Pages