গুৱাহাটীঃ  নতুন চৰকাৰে ৰাজ্যখনৰ শাসনভাৰ লোৱাৰ পিচতেই ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনত ব্যাপক সাল-সলনি ঘটোৱা হৈছে। উল্লেখযোগ্য যে এইটো বছৰত অসম আৰক্ষীত এইটোৱেই বৃহৎ ৰদ-বদল৷ আজি ৰাজ্যখনৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিৱ এম এছ মানিভান্নানে প্ৰকাশ কৰা এই ব্যাপক ৰদ-বদলৰ তালিকাখন তলত দিয়া হ’ল৷

গুৱাহাটী ১৪ মেঃ সংযুক্ত মুক্তি বাহিনী,অসম(স্বাধীন)এ আজি সংবাদমাধ্যমৰ সম্পাদক সকললৈ সম্বোধন কৰি এখন ৰাজহুৱা জাননী প্ৰেৰণ কৰিছে ৷ সংগঠনটোৰ প্ৰাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে প্ৰচাৰ কৰা তথা লেফটেনেন্ট জেনেৰেল পৰেশ অসমে প্ৰদান কৰা উক্ত জাননী যোগে সংগঠনটোৱে তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক অসমৰ সম্পদ লুণ্ঠনকাৰী ভাৰতীয় ঔপনিৱেশিক ৰাষ্ট্ৰৰ তথাকথিত ৰাজহুৱা খণ্ডৰ উদ্যোগ বুলি সম্বোধন কৰি কিছুমান সকিয়নি দিয়া দেখা গৈছে৷

গোলাঘাটঃ  গোলাঘাটত সাম্প্ৰতিক কভিড পৰিস্থিতিৰ বুজ ল'বলৈ আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় গোলাঘাট জিলাৰ তত্বাৱধানত থকা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰা। গোলাঘাট জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী।

জিলাখনত কভিডৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ উপৰিও মন্ত্ৰীগৰাকীয়ে জিলাখনত কভিড ৰোগীসকলে সন্মুখীন হোৱা সমস্যা সমূহৰ সমাধানৰ ওপৰতো বিতংভাৱে আলোচনা কৰে। জিলাখনত অক্সিজেন চিলিণ্ডাৰৰ নাটনি, এম্বুলেঞ্চৰ ব্যৱস্থা সম্পৰ্কেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী।

নগাঁওঃ এক কৰুণ হৃদয়বিদাৰক ঘটনাই সকলোৰে অন্তৰাত্মাক ব্যথিত কৰি তুলিছে । নগাঁৱৰ বঢ়মপুৰ অঞ্চলৰ অন্তৰ্গত কঠিয়াতলী ৰেঞ্জৰ অন্তৰ্গত তপতজুৰি পাহাৰত যোৱা বুধবাৰে নিশা বজ্ৰপাতৰ ফলত বহুকেইটা বন্যহস্তীয়ে কৰুণ মৃত্যুক আঁকোৱালি লোৱা খবৰে সমগ্ৰ অসমৰ ৰাইজক মৰ্মাহত কৰি তুলিছে । 

গোলাঘাট ১৩ মেঃ আজিৰে পৰা সমগ্ৰ ৰাজ্যখনত ক'ভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ নিয়ম বান্ধি দিছে ৷ সেই নিয়ম সমহূৰ ভিতৰত পূৰ্বৰ দিনৰ ২ বজাৰ সলনি এতিয়াৰে পৰা ১ বজাত বজাৰ,হাট,দোকান আদি বন্থ কৰিব লাগিব আৰু বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হ'ব ৷ লগতে চৰকাৰী বা বেচৰকাৰী সকলো কাৰ্যালয় পোন্ধৰ দিনলৈ বন্ধ থাকিব ৷ অৱশ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়া সকল ক'ভিড-১৯ ৰ নিয়ম মানি আহিব লাগিব ৷ প্ৰত্যেক গৰাকী কৰ্মচাৰীয়ে মুখত মাস্ক আৰু হাতত চেনিটাইজাৰ তথা বীজাণু নাশক চাবোনেৰে হাত ধুই থাকিব লাগিব ৷ 

শিল্পী সকলৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠে বিভিন্ন দেৱ - দেৱীৰ মূৰ্ত্তিবোৰ...বাস্তৱ জীৱনত তেনে শিল্পী বৃত্তিধাৰী মানুহবোৰৰ জীৱন গাথা বৰ বেদনাদায়ক

Categories: 

আহোম ৰাজত্বৰ সমসাময়িক কালছোৱাতে ঘনশ্যাম দ'ল নিৰ্মিত....দ’লটোৰ শিল্পকৰ্মত হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰে প্ৰভাৱ  আছে.....

NNO প্ৰতিবেদক, শিৱসাগৰ


ঘনশ্যাম দ'ল শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত অৱস্থিত। দেৱীদ’লৰ দক্ষিণফালে আহোম স্বৰ্গদেৱে বংগদেশৰপৰা অনোৱা ঘনশ্যামউদ্দিন নামৰ খনিকৰ আৰু স্থপতিবিদে এই দ’লটো নিৰ্মান কৰিছিল।

পোৰামাটিৰে নিৰ্মিত উত্তৰপূব ৰ  প্ৰথমটো ভাষ্কৰ্য শিৱসাগৰৰ  ঘনশ্যাম দল

Categories: 

 ৰঙানদীয়ে নামনি অংশত  জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল.....গৃহহীন বহু পৰিয়ালৰ আশ্ৰয়স্থল হৈ পৰিছে মাথাউৰি.....কেইটামান চাউল দালিৰেই বাৰিষা দিনকেইটা সহায় কৰি দীৰ্ঘবছৰে আভুৱা ভাৰি আহিছে চৰকাৰ, প্ৰশাসনে.....

লখিমপুৰৰ পৰা বিশেষ সংবাদদাঁতা

 অৰুণাচল প্ৰদেশৰ য়াজুলিস্থিত নীপকো'ৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলপ্ৰলয়ে লখিমপুৰৰ বহুকেইটা অঞ্চলত প্ৰতিটো বাৰিষাত ধাৰাবাহিকভাবে তাণ্ডৱ চলাই আহিছে। বৰ্তমানো  লখিমপুৰ জিলাৰ ৰঙনদীপৰীয়া ডিজু চাপৰি ,আমতলা, দোৱাৰপাৰ, বনগাঁও আদি অঞ্চলৰ ৰাইজে অন্তহীন  বান সমস্যাৰ মাজেৰে কটাইছে এক নাৰকীয় জীৱন। 

Categories: 


......সাত বছৰে সম্পূৰ্ণ নহ’ল বৰছলা আদৰ্শ চিকিৎসালয়ৰ গৃহ নিৰ্মাণ......গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা......  বিভাগৰ নিৰ্বিকাৰ ভূমিকা..... ৰাইজৰ সমালোচনা

Categories: 

Pages