newsnextone.com | ওদালগুৰিঃ যোৱা ১৪ জুলাইত ওদালগুৰি জিলাৰ ৰৌতাস্থিত ৰৌতা আদৰ্শ চিকিৎসালয় আক্ৰাছুৰ নেতৃত্বত ঘেৰাও কৰিছিল কেইবাটাও সংগঠনে। এই কাৰ্যসূচীত আক্ৰাছু নেতা অতুল বৰ্মণে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কৈছিল যে সমগ্ৰ কাৰ্যসূচীটোত আক্ৰাছুৰ নেতৃত্বত অজাযুছাপ, এবছু, বেংগলী ফেডাৰেশ্বন, আছা আৰু ৰৌতা বণিক সন্থাই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। 

এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এবছু, আছা আৰু ৰৌতা বণিক সন্থাৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই কাৰ্যসূচীত এবছু, আছা, বণিক সন্থা জৰিত নাছিল। একাংশ লোকে স্বাৰ্থ পূৰণৰ বাবে সংগঠনকেইটাৰ নাম লৈ সাংবাদিকক বাতৰি যোগান ধৰিছিল বুলি অভিযোগ উত্থাপন হয়। আগন্তুক দিনত সকলোকে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সংগঠনকেইটাৰ নেতৃত্বই।