newsnextone.com | ডিজিটেল ডেস্কঃ ২০০৮ চনৰ নৱেম্বৰ মাহত মুম্বাইত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি ১৬৪ গৰাকী নিৰপৰাধী লোকক হত্যা কৰিছিল৷ এই কাণ্ডৰ সৈতে জৰিত আছিল লস্কৰ-ই-তৈবা৷ সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ আক্ৰমণ কৰা ঘটনাৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদ আজিও পাকিস্তানত মুকলিকৈ ঘুৰা-ফুৰা কৰি আহিছে৷ ইমানে নহয় এইবেলি পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত হাফিজৰ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ইয়াৰ মাজতে অহা খবৰ মতে হাফিজ ছঈদৰ দলৰ ফেচবুক একাউণ্ট বন্ধ কৰিছে ফেচবুক কৰ্তৃপক্ষই৷

হাফিজৰ ৰাজনৈতিক দল মিল্লি মুছলিম লিগ চমুকৈ এমএমএলৰ ফেচবুক একাউণ্ট আৰু পেজ বন্ধ কৰিছে ফেচবুকে৷ ২৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰে মাৰ্ক জুকাৰবাৰ্গৰ সংস্থা ফেচবুকে৷ জানিব পৰা মতে, পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত একাংশ ভুৱা ফেচবুক একাউণ্টে শান্তি বিঘ্নিত কৰিব বিচৰাৰ লগতে বিভিন্ন অপপ্ৰচাৰত লিপ্ত হৈছে৷ পাকিস্তানৰ মুখ্য নিৰ্বাচনী আয়ুক্তই ফেচবুক কৰ্তৃপক্ষৰ সৈতে এই বিষয়ত আলোচনাত মিলিত হোৱাৰ পিছতে হাফিজৰ ৰাজনৈতিক দল মিল্লি মুছলিম লিগ চমুকৈ এমএমএলৰ একাউণ্ট আৰু পেজ বন্ধ কৰাৰ লগে লগে কেইবা হাজাৰ ফেচবুক একাউণ্ট আৰু পেজ বন্ধ কৰি দিয়ে৷ 

জানিব পৰা মতে, হাফিজৰ ৰাজনৈতিক দল মিল্লি মুছলিম লিগ চমুকৈ এমএমএলক এতিয়াও ৰাজনৈতিক দলৰ স্বীকৃতি দিয়া হোৱা নাই৷ আমেৰিকাই হাফিজৰ দলক সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকা দল আখ্যা দিছিল৷ তথাপিও ২০০ আসমত প্ৰতিদ্বন্দ্বিতা কৰিছে হাফিজৰ দলে৷