newsnextone.com | কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ দেওবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ কোকৰাঝাৰস্থিত ভোটগাঁৱত অনুষ্ঠিত হোৱা সাধাৰণ সভাত ছাত্ৰ সংগঠনটোৰ বিভিন্ন জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতা-কৰ্মীৰ বিভিন্ন আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰে৷

সাধাৰণ সভাত অহা ১ আগষ্টত এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ মৃত্যু বাৰ্ষিক উপলক্ষে ছাত্ৰ সংহতি দিৱস পালন কৰাৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷ 

এবিএমছুৰ সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলিৰ সভাপতিত্বত অনুষ্ঠিত সভাত আমিৰ আলিক সভাপতি আৰু ছকমত আলিক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। ছাত্ৰ সংহতি দিৱস খন সাফল্য মণ্ডিত কৰিবলৈ জাতি, ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে ছাত্ৰ নেতা জাইদুল ইছলামে৷