newsnextone.com | নলবাৰীঃ একাংশ যুৱ প্ৰজন্মই ছ’চিয়েল মিডিয়াক অসৎ কামৰ বাবে ব্যৱহাৰ কৰে যদিও আন একাংশ লোক তথা যুৱ প্ৰজন্মই ছ’চিয়েল মিডিয়া যোগে সাহিত্য চৰ্চা, ৰক্তদান, সমাজসেৱা আদি কৰি যোৱাও দেখা যায়৷

ছ’চিয়েল মিডিয়া বিশ্বত সবাতোকৈ জনপ্ৰিয় সামাজিক মাধ্যম হৈ পৰিছে৷ তাৰ মাজতে হোৱাটছ এপ বৰ্তমান সময়ত বিশ্বৰ সৰ্বত্ৰে জনপ্ৰিয়তা লাভ কৰা এটি ছ’চিয়েল নেটৱৰ্কিং ছাইট। হোৱাটছ এপ বুলিয়েই আমাৰ বহুতৰে মনত হয়তো নেতিবাচক ধাৰণাই দেখা দিয়ে। কিয়নো ইয়াৰ দ্বাৰা মানুহৰ যোগাযোগ ব্যৱস্থা সহজ হৈ পৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ যোগাত্মক আলোচনা কৰাত সহজ হৈ পৰিছে৷ 

শৈক্ষিক আৰু চাৰিত্ৰিক দিশত ক্ষতি কৰিব বুলিয়ে অভিভাৱকে নিজৰ সন্তানক ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই ৰাখিব বিছাৰে। কিন্তু আমাৰ ৰাজ্য খনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন ভাল কাম হৈ থকা দেখা গৈছে৷ বানৰ সময়ত সাহায্য বিছাৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা হৈছে৷ হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰীক হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জনমত ছ’চিয়েল মিডিয়াত গঢ় লৈ উঠিছিল৷ শেহতীয়াকৈ নগাঁৱৰ ৰহাত বহুওৱা টোলগে’টৰ বিৰুদ্ধেও ছ’চিয়েল মিডিয়াত জনমত গঢ়াৰ বাবে চেষ্টা চলাই থকা দেখা গৈছে৷ 

বিভিন্ন ক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰ জৰিয়তে একাংশ লোকে যোগাত্মক কাম কৰি থকা দেখা গৈছে৷ নেতিবাচক দিশবোৰতকৈ ইতিবাচক দিশসমূহ ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে। যি সময়ত ছচিয়েল মিডিয়াক মুষ্টিমেয় দুষ্ট চক্ৰই অপৰাধ সংঘটিত কৰিবলৈ সহজ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে তেনে সময়ত যুৱ প্ৰজন্মই বৃক্ষৰোপন কৰিবলৈ ওলাই আহিল হোৱাটছএপৰ গ্ৰুপৰ জৰিয়তে৷ গোলকীয় উঞ্চতা ৰোধৰ চিন্তা কৰিয়েই বৃক্ষৰোপন কৰিবলৈ ওলাই আহে নলবাৰী জিলাত৷

জানিব পৰা মতে, প্ৰায় ২ বছৰ পূৰ্বে নলবাৰী জিলাৰ চামতা গাঁৱৰ ৰাজীৱ কাকতি নামৰ যুৱকজনে নিউজ এণ্ড ইনফৰমেচন নামৰ হোৱাটচএপ গ্ৰুপ বনাইছিল৷ ৰাজীৱ কাকতি আৰু বন্ধু তুচান আৰ্যৰ নিউজ এণ্ড ইনফৰমেচন নামৰ গ্ৰুপটোত মানুহক বাতৰি যোগান ধৰিবলৈ আৰম্ভ কৰিছিল৷ লাহে লাহে সদস্য সংখ্যা বাঢ়ি যোৱাৰ লগতে বাতৰিৰ ক্ষেত্ৰত এক বিকল্প মাধ্যম হৈ পৰে গ্ৰুপটো৷

ইয়াৰ মাজতে প্ৰখৰ ৰদৰ পৰা মানুহক ৰক্ষা কৰিবলৈ পথৰ দাতিত গ্ৰুপটোৱে ৰোপণ কৰে বৃক্ষ৷ নলবাৰীৰ মৰোৱা বজাৰত সোমবাৰে পুৱা বকুল গছ ৰোপন কৰি গ্ৰুপটোৱে। গ্ৰুপৰ সদস্য বাবুলি আহমেদ, মুন আহমেদ, ৰাজু আহমেদ আৰু সোণ আহমেদৰ সৈতে লগ লাগি নিজৰ ২০ জোপা বকুল গছ ৰোপণ কৰে। নিউজ এণ্ড ইনফৰমেচনৰ এডমিন তুচান আৰ্যই কয় যে আমি গছ ৰোৱাৰ পিছতে আমাৰ দায়িত্ব শেষ হৈ নাযায়৷ গছডাল ডাঙৰ নোহোৱালৈকে তাক চোৱা চিতা কৰাতো ডাঙৰ কথা। গছ থাকিলে মানুহ থাকিব আমি যিমান সোনকালে এই কথাটো বুজিম সিমানে আমাৰ বাবে মংগল। নিউজ এণ্ড ইনফৰমেচনক মৰোৱাৰ যুৱক সৰুকণ আহমেদ, চামচুল হুদা, জাকিৰ আলি, দ্বিল মহম্মদ আলি, আতিক আলি আৰু স্থানীয় লোকে বৃক্ষ ৰোপণৰ দৰে মহৎ কাম কৰাত নিউজ এণ্ড ইনফৰমেচন গ্ৰুপৰ শলাগ লয়।