newsnextone.com | মৰিয়নীঃ ৰাজ্যৰ কেইবাটাও সংগঠনে টোলগে’ট নবহুৱাবলৈ চৰকাৰক দাবী জনাই অহাৰ সময়তে চৰকাৰে টোলগে’ট বহুওৱাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ নগাঁৱৰ ৰহাত নিৰাপত্তাৰক্ষীৰ কটকটীয়া ব্যৱস্থাৰ মাজত প্ৰতিখন গাড়ীৰ পৰা কৰ সংগ্ৰহ কৰিছে চৰকাৰে৷ বৃহস্পতিবাৰৰ পৰা মধ্য অসমৰ নগাঁও জিলাৰ ৰহাৰ টোলগে’টত কৰ লৈ ৰাজকোষ টনকীয়াল কৰাৰ অভিযান৷ ৰাজ্যৰ প্ৰায় কেইটা ঘাইপথত গাড়ী-মটৰ চলাব পৰা অৱস্থা নাই যদিও ৰাইজৰ পৰা কৰ লোৱাৰ অভিযান আৰম্ভ কৰিলে চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷

দৰিদ্ৰৰ তেজ শুহি খোৱা এই টোলগে’ট ব্যৱস্থা অসমৰ বাবে কিমান যুক্তিসন্মত সেয়া বিবেচনা কৰাৰ আহৰি নোহোৱাৰ সময়তে দেশ তথা ৰাজ্যৰ চৰকাৰে টোলগেট বহুওৱাৰ অনুমতি প্ৰদান কৰে৷ বছৰৰ ৬ মাহ বান পানীত ককবকাই থকা, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকে আজিও সাধাৰণ টম্বুৰ তলত থাকিব লগা অৱস্থা হোৱাত সাধাৰণ লোকে কেনেদৰে ৰাজপথত কৰ দিব সেয়াই এক চিন্তাৰ বিষয় হৈ পৰাত ৰাইজে ক্ৰমান্বয়ে সোচ্চাৰ হৈ পৰিছে৷ 

তাৰ মাজতে মঙলবাৰে যোৰহাট জিলাৰ মৰিয়নীত অসম সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদে নগাঁৱৰ ৰহাত বহুওৱা টোলগে’ট বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰিয়নীত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। টোলগে’ট বন্ধ কৰাৰ দাবীত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ নেতাকৰ্মীয়ে ৰাজপথত শ্ল’গান দি পৰিবেশ উত্তাল কৰাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও সংগঠনটোৱে কাৰ্যসূচী সফল কৰে। সংগঠনটোৱে শীঘ্ৰে টোলগে’ট বন্ধ কৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷