newsnextone.com | গোৰেশ্বৰঃ মুৰৰ ঘাম মাটিত পেলাই কৃষিকাৰ্য সম্পাদন কৰা পিছত হেপাঁহৰ খেতিডৰাত এতিয়া ভূঁৰপোকে এফালৰ পৰা আক্ৰমণ চলোৱাত মুৰে কঁপালে হাত দিছে বাক্সা জিলাৰ গোৰেশ্বৰৰ কৃষকে। গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনা মৌজাৰ বৰপথাৰ মোকলদঙা গাঁৱৰ হেজাৰ বিঘা ধানৰ খেতিত কিছু দিন ধৰি চলিছে ভূঁৰ পোকৰ সন্ত্ৰাস। 

শুক্লাই আৰু পুঠিমাৰী নদীৰ সংযোগস্থলৰ পূব দিশে অৱস্থিত বৰপথাৰ গাঁওৰ প্ৰায়বোৰ পথাৰতে লহপহকৈ বাঢ়ি অহা  ধানৰ খেতিত ভূঁৰপোকৰ উপস্থিতিয়ে কৃষকসকলক চিন্তিত কৰি তুলিছে। ভূঁৰ পোকে ধানৰ পাতত কণী পাৰি বংশ বৃদ্ধি কৰাৰ লগতে কম দিনৰ ভিতৰতে ডাঙৰ হোৱা পোকবোৰে পাত খাই নষ্ট কৰাত লহপহকৈ বাঢ়ি অহা সেউজীয়া ধাননী ডৰা এফালৰ পৰা বগা পৰি যোৱা পৰিলক্ষিত হৈছে।

নৈপৰীয়া তথা বানে গৰকা বৰপথাৰ মোকলদঙা গাঁৱৰ একাংশ কৃষকে এতিয়া নিজাববীয়াকৈ সাৰৰ দোকানৰ পৰা  কীটনাশন কিনি নি ব্যৱহাৰ কৰিছে যদিও বিশেষ সুফল পোৱা নাই বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ কৃষক ৰাইজে। 

ইপিনে সংবাদ মাধ্যমত এই বিষয়ে প্ৰকাশ পোৱাৰ পিছত গাঁওখনৰ কৃষকৰ খবৰ ল'বলৈ মঙলবাৰে কৃষি বিভাগৰ লোক অঞ্চলটোত উপস্থিত হয়। কিন্তু ধানৰ বীজৰ নামত পতান দিয়া কৃষি বিভাগে ভূঁৰ পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হ'ব।