শীঘ্ৰেই দলং পকীকৰণৰ দাবীত গঢ়কপ্তানি মন্ত্ৰীলৈ জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ

newsnextone.com।খাৰুপেটীয়াঃ উন্নয়ন আৰু পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা বি জে পি নেতৃত্বাধীন মিত্রজোঁটৰ সোণোৱাল চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ পূব মংগলদৈ অঞ্চল সমূহত স্পষ্ট হৈ পৰিছে।

পূব মঙলদৈ অঞ্চলৰ বিভিন্ন বাট-পথ, দলং আদিৰ জৰাজীৰ্ণ অৱস্থাত যমৰ যাতনাত ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। দৰং-ওদালগুৰি জিলাৰ সিমামুৰীয়া পূব মঙলদৈৰ আওহতীয়া অঞ্চল সংযোগী কেইবাটাও গঢ়কাপ্তানি গ্রাম্য পথ মেৰামতিৰ অভাৱত জহি-খহি যোৱাৰ লগতে দলং সমূহো জৰাজীৰ্ণ হৈ পৰাত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছে।

বিশেষকৈ মুদৈবড়ীৰ পৰা চেনীয়ালপাৰ হৈ নিজ শ্যামাবাৰী-ধূলা সংলনগ্ন পথ, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেনাপাৰাৰ পৰা ভকতপৰা সংযোগী পথ আৰু ৰামহৰি চ'কৰ পৰা ভালুকা চুবুৰি হৈ মুদৈবড়ী সংযোগী পথ জহি-খহি যোৱাৰ লগতে পকীকৰণ নোহোৱাত বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুদৰ্শাৰ সন্মুখীন হবলগা হৈছে।

আনহাতে, ৰামহৰি চ'ক-ভালুকা চুবুৰি-মুদৈবড়ী সংযোগী পথত বেগা নদীৰ ওপৰত থকা দলংখনো জৰাজীৰ্ণ হৈ পৰিছে। গ্রাম্য অঞ্চলৰ এই জৰাজীৰ্ণ পথ সমূহ পুনৰ নিৰ্মাণ কৰাৰ লগতে পকীকৰণ নোহোৱা পথ সমূহ আৰু বিপদসংকুল ভাবে জৰাজীৰ্ণ দলং সমূহ পকী কৰিবলৈ ৰাইজে দীৰ্ঘদিনে দাবী জনাই আহিছে যদিও দৰঙৰ গড়কাপ্তানি (গ্রাম্য পথ) বিভাগে কাণসাৰ দিয়া নাই ।

সেয়ে এই ক্ষেত্ৰত অসমৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি যোৱা ২৮ আগষ্টত দৰং জিলাৰ উপায়ুক্তৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ পূব মংগলদৈ আঞ্চলিক সমিতিয়ে।

সংগঠনটোৰ পূব মংগলদৈ আঞ্চলিক সমিতিৰ সভাপতি  হেৰম্ব প্ৰসাদ কলিতা আৰু সাধাৰণ সম্পাদক হৰকুমাৰ ডেকাই অতি শীঘ্ৰেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দীর্ঘদিনীয়া দাবীসমূহ মানি ল'বলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।