newsnextone.com | তামুলপুৰঃ তামুলপুৰত আজি সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ দুৰ্ঘটনাটোৰ ফলত এজন বাইক আৰোঙীৰ থিতাতে মৃত্যু ঘটে৷

জানিব পৰা মতে, ৰঙিয়া অভিমুখী এখন ৰৈ থকা ট্ৰেইলাৰত তীব্ৰবেগী বাইকে খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাটোৰ ফলত এএছ ০১ এবি ৯২৬৮ নম্বৰৰ বাইকখনৰ আৰোহীজনৰ থিতাতে মৃত্যু ঘটে৷

নিহত আৰোহী জনৰ এতিয়াও চিনাক্ত কৰণ হোৱা নাই বুলি জানিব পৰা গৈছে৷