newsnextone.com | শিৱসাগৰঃ শিৱসাগৰৰ দিখৌমুখ দিছিয়ালত শনিবাৰে নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ নদীত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ সলিল সমাধিৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উক্ত বাহন খনত থকা হৰেন বড়া (৫২), পত্নী ফনো বড়া (৪৫), মাতৃ পোনৌ বড়া (৮৬) আৰু দুই জিয়াৰী চিম্পী বড়া (২১) আৰু মুনমী বড়া (১৮)ৰ সৈতে পৰিয়ালটো মগলৌ পুখুৰী পাৰৰ আত্মীয় মুনীন কলিতাৰ ঘৰলৈ বিয়ালৈ আহিছিল৷ কিন্তু ঘূৰি যাঁওতে ঘটিছিল ঘটনাটো, নামি আহিছিল পৰিয়ালটোলৈ কাল অমানিশা৷  

চুইফ্ট ডিজায়াৰ গাড়ীৰে অহা পৰিয়ালৰটোৰ বাহন চালকজনক ন-কটানিৰ নিজ গৃহত ৰাখি মালিক হৰেণ বড়াই নিজেই চলাইছিল বাহনখন৷ কিন্তু দূৰ্ভাগ্যবশতঃ  নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ মঠাউৰিৰ পৰা বাহনখন দিখৌ নদীত বাগৰি পৰে। 

প্রত্যক্ষ দৰ্শীৰ মতে, প্রায় ১০০মিটাৰ মান আঁতৰলৈকে ‘আমাক বচাঁওক.. বঁচাওক’ বুলি কাতৰ চিঞৰ মাৰিছিল যদিও প্ৰত্যক্ষদৰ্শী কোনোৱেই পৰিয়ালটোক বচাবলৈ সক্ষম নহ’ল আৰু নিয়তিৰ পৰিহাসত নৈৰ বুকুত বিলীন হৈ গ’ল একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যৰ৷ এই শোকাস্তব্ধকাৰী ঘটনাৰ পিছতেই জিলা প্ৰশাসন আৰু এনডিআৰএফ বাহিনীয়ে দিখৌ নৈৰ বুকুৰ পৰা পৰিয়ালটোৰ উদ্ধাৰৰ বাবে অভিযান চলাই আছে যদিও এই পৰ্যন্ত পৰিয়ালটোৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই৷ 

আনহাতে ঘটনাৰ তৃতীয় দিনাও বাহন সহ হৰেণ বড়াৰ পৰিয়ালক নৈ বুকুত বিচাৰি উলিয়াব নোৱাৰাত অৱশেষত স্থানীয় ৰাইজে পৰিয়ালৰ উদ্ধাৰৰ বাবে নেদেখা জনৰ ওচৰত পূজা অৰ্চনাৰে প্ৰাৰ্থনা জনাইছে৷ সোমবাৰে স্থানীয় ৰাইজে দিখৌ নৈৰ পাৰত চাকি, ধূপ জ্বলাই নৈবদ্য আগবঢ়াই অতি সোনকালে যাতে পৰিয়ালৰ সম্ভেদ লাভ কৰা যায় তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়৷

উল্লেখ্য যে, দিখৌমুখ ন-কটানিৰ বাসিন্দা হৰেণ বড়া কৰ্মসূত্ৰে গুৱাহাটীৰ খানাপাৰাত বাস কৰিছিল৷ শনিবাৰে সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰ্ শোকৰ দাবানল বোৱাইছে৷